NORTHEAST NOW (Assamese)

বিধায়কৰ পদ খাৰিজ কৰাৰ বিধানসভাৰ অধ্যক্ষৰ কৰ্তৃত্ব পুনৰ বিবেচনাৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

January 22, 2020 3:20 pm · এন ই নাও নিউজ
Updated: January 22, 2020 3:25 pm
কংগ্ৰেছৰ টিকটত জিকি বিজেপি চৰকাৰত মন্ত্ৰী হোৱা শ্যামকুমাৰ এটা কাৰ্য্যসূচীত।

বিধানসভাৰ অধ্যক্ষই কোনো বিধায়কৰ পদ খাৰিজ কৰাৰ কৰ্তৃত্ব সম্বন্ধে পুনৰ বিবেচনা কৰি চালবলৈ উচ্চতম ন্যায়ালয়ে মঙলবাৰে সংসদক আহ্বান জনাইছে।

ইয়াৰ যুক্তি হিচাপে শীৰ্ষতম আদালতখনে কৈছে যে অধ্যক্ষজনো কোনো এটা ৰাজনৈতিক দলৰে সদস্য।

আদালতে ইয়াৰ লগতে বিধায়কৰ যোগ্যতা বাতিল কৰা আৱেদনৰ মোকাবিলা কৰিবলৈ এটা স্বতন্ত্ৰ প্ৰণালী গঢ়ি তুলিবলৈও পৰামৰ্শ আগ বঢ়াইছে।

এজন কংগ্ৰেছ নেতাই মণিপুৰৰ বিজেপি বিধায়ক তথা বন মন্ত্ৰী টি শ্যামকুমাৰক অৰ্হতাহীন কৰাৰ দাবী জনাই কৰা আৱেদনৰ ৰায় দি ন্যায়ালয়খনে এই স্থিতি প্ৰকাশ কৰিছে। ৰায়টোত মণিপুৰৰ বিধানসভাৰ অধ্যক্ষক চাৰি সপ্তাহৰ সময় দি কংগ্ৰেছ নেতাজনৰ আৱেদনখন সম্পৰ্কত সিদ্ধান্ত জনাবলৈ কোৱা হৈছে।

অধ্যক্ষজনে সিদ্ধান্ত দিয়াৰ ব্যৰ্থতাত ন্যায়াধীশ আৰ এফ নৰিমানৰ নেতৃত্বৰ বিচাৰপীঠখনে কংগ্ৰেছ বিধায়ক ফাজুৰ ৰহিম আৰু কে মেঘাচন্দ্ৰক পুনৰ পীঠখনক লগ কৰিবলৈ অনুমতি দিয়া হৈছে।

আলোচ্য বিজেপি মন্ত্ৰীজনে কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল আৰু পিছত চৰকাৰ গঠন কৰা বিজেপিত যোগদান কৰি মন্ত্ৰিত্ব লাভ কৰিছিল। এই কাৰণেই তেওঁৰ বিধায়ক অৰ্হতা কৰ্তন কৰিব লাগে বুলি অধ্যক্ষক আৱেদন জনাইছিল কংগ্ৰেছ নেতাজনে।

ৰায়টোতকৈ সংসদক এই বিষয়ত পুনৰ বিবেচনা কৰিবলৈ কোৱা উচ্চতম ন্যায়ালয়ৰ পদক্ষেপটো দেশৰ ৰাজনীতিত অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

Related News