NORTHEAST NOW (Assamese)

নৈতিকতা জাপি দিয়াতো নহয়, মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটোহে আদালতৰ কাম : উচ্চতম ন্যায়ালয়

April 9, 2025 2:20 pm · এন ই নাও নিউজ, গুৱাহাটী

সামাজিক মাধ্যমত জৈন সন্ন্যাসী তৰুণ সাগৰক লৈ কৰা মন্তব্যৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিশাল দাদলানী আৰু তেহছিন পুনৱাল্লাৰ বিৰুদ্ধে ১০ লাখ টকাৰ জৰিমনা বিহিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ৰায় খাৰিজ কৰি কয় যে  আদালতৰ কাম মৰেল পুলিচিং নহয়।

উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কয়, ‘আদালতৰ দায়িত্ব ন্যায় নিশ্চিত কৰা, কাৰো ওপৰত কোনো নৈতিক মূল্যবোধ জাপি দিয়া নহয়। একে সময়তে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰে দেশৰ শীৰ্ষ আদালতে।

উল্লেখ্য যে কোনো অপৰাধৰ প্ৰমাণ নথকা সত্ত্বেও বিশাল দাদলানী আৰু তেহছিন পুনাৱাল্লাৰ বিৰুদ্ধে আদালতে ১০ লাখ টকাকৈ জৰিমনা বিহিছিল উচ্চ ন্যায়ালয়ে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰে যে যেতিয়া উচ্চ ন্যায়ালয়ে কোনো ‘অপৰাধ সংঘটিত হোৱা নাই বুলি মানি লৈছে, তেতিয়া জৰিমনা বিহাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।

উল্লেখ্য যে এই বিতৰ্ক ২০১৬ চনৰ আগষ্ট মাহত আৰম্ভ হৈছিল। দিগম্বৰ জৈন সন্ন্যাসী মুনি তৰুণ সাগৰক হাৰিয়ানা বিধানসভাত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই ঘটনাত সংগীত পৰিচালক বিশাল দাদলানী আৰু ৰাজনৈতিক বিশ্লেষক তেহচিন পুনাৱাল্লাই টুইটাৰত কিছু মন্তব্য কৰিছি। এই মন্তব্যত বহুতে আপত্তি কৰিছিল ।

একাধিক ধাৰাত আম্বালা কেণ্টনমেণ্ট থানাত দাদলানিই আৰু পুনাৱাল্লাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। পিছত দাদলানী আৰু পুনাৱাল্লাই উচ্চ ন্যায়ালয়ত গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়।

২০১৯ চনৰ মে মাহত উচ্চ ন্যায়ালয়ে গোচৰটোত কোনো অপৰাধ সংঘটিত হোৱা নাই বুলি মানি লৈ এফআইআৰ খাৰিজ কৰে। অৱশ্যে আদালতে অভিযুক্ত দুজনক ১০ লাখ টকাকৈ জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে। ইয়াত কোৱা হৈছে যে ‘জৈন সম্প্ৰদায়ৰ প্ৰতি ন্যায়ৰ স্বাৰ্থত এই জৰিমনা আৰোপ কৰা হৈছে।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ এই বক্তব্যৰ সৈতে একেবাৰেই একমত নহয়। উচ্চতম ন্যায়ালয়ৰ মতে, কোনো অপৰাধ বিচাৰি পোৱাৰ পিছতো আদালতে এনে ভাষাত মন্তব্য দিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, “যেতিয়া আদালতে এফআইআৰ খাৰিজ কৰি আছে, তেতিয়া এই পৰামৰ্শ দিয়াৰ কোনো ন্যায্যতা নাই।’এই মন্তব্যৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ জৰিমনা নিৰ্দেশ বাতিল কৰে। তেওঁলোকৰ স্পষ্ট বক্তব্য হ’ল, ‘কোনো অপৰাধ প্ৰমাণিত নহ’লে জৰিমনা বিহাটো অনুচিত।’ আদালতে নিজৰ সাংবিধানিক সীমাৰ ভিতৰত কাম কৰিব লাগে। নৈতিকতা জাপি দিয়াটো আদালতৰ দায়িত্ব নহয়।’

Related News