• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৈতিকতা জাপি দিয়াতো নহয়, মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটোহে আদালতৰ কাম : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 2:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত জৈন সন্ন্যাসী তৰুণ সাগৰক লৈ কৰা মন্তব্যৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিশাল দাদলানী আৰু তেহছিন পুনৱাল্লাৰ বিৰুদ্ধে ১০ লাখ টকাৰ জৰিমনা বিহিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ৰায় খাৰিজ কৰি কয় যে  আদালতৰ কাম মৰেল পুলিচিং নহয়।

উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কয়, ‘আদালতৰ দায়িত্ব ন্যায় নিশ্চিত কৰা, কাৰো ওপৰত কোনো নৈতিক মূল্যবোধ জাপি দিয়া নহয়।’ একে সময়তে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰে দেশৰ শীৰ্ষ আদালতে।

Apply Now

উল্লেখ্য যে কোনো অপৰাধৰ প্ৰমাণ নথকা সত্ত্বেও বিশাল দাদলানী আৰু তেহছিন পুনাৱাল্লাৰ বিৰুদ্ধে আদালতে ১০ লাখ টকাকৈ জৰিমনা বিহিছিল উচ্চ ন্যায়ালয়ে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰে যে যেতিয়া উচ্চ ন্যায়ালয়ে কোনো ‘অপৰাধ’ সংঘটিত হোৱা নাই বুলি মানি লৈছে, তেতিয়া জৰিমনা বিহাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।

উল্লেখ্য যে এই বিতৰ্ক ২০১৬ চনৰ আগষ্ট মাহত আৰম্ভ হৈছিল। দিগম্বৰ জৈন সন্ন্যাসী মুনি তৰুণ সাগৰক হাৰিয়ানা বিধানসভাত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই ঘটনাত সংগীত পৰিচালক বিশাল দাদলানী আৰু ৰাজনৈতিক বিশ্লেষক তেহচিন পুনাৱাল্লাই টুইটাৰত কিছু মন্তব্য কৰিছি। এই মন্তব্যত বহুতে আপত্তি কৰিছিল ।

একাধিক ধাৰাত আম্বালা কেণ্টনমেণ্ট থানাত দাদলানিই আৰু পুনাৱাল্লাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। পিছত দাদলানী আৰু পুনাৱাল্লাই উচ্চ ন্যায়ালয়ত গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়।

২০১৯ চনৰ মে’ মাহত উচ্চ ন্যায়ালয়ে গোচৰটোত কোনো অপৰাধ সংঘটিত হোৱা নাই বুলি মানি লৈ এফআইআৰ খাৰিজ কৰে। অৱশ্যে আদালতে অভিযুক্ত দুজনক ১০ লাখ টকাকৈ জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে। ইয়াত কোৱা হৈছে যে ‘জৈন সম্প্ৰদায়ৰ প্ৰতি ন্যায়’ৰ স্বাৰ্থত এই জৰিমনা আৰোপ কৰা হৈছে।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ এই বক্তব্যৰ সৈতে একেবাৰেই একমত নহয়। উচ্চতম ন্যায়ালয়ৰ মতে, কোনো অপৰাধ বিচাৰি পোৱাৰ পিছতো আদালতে এনে ভাষাত মন্তব্য দিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, “যেতিয়া আদালতে এফআইআৰ খাৰিজ কৰি আছে, তেতিয়া এই পৰামৰ্শ দিয়াৰ কোনো ন্যায্যতা নাই।’এই মন্তব্যৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ জৰিমনা নিৰ্দেশ বাতিল কৰে। তেওঁলোকৰ স্পষ্ট বক্তব্য হ’ল, ‘কোনো অপৰাধ প্ৰমাণিত নহ’লে জৰিমনা বিহাটো অনুচিত।’ আদালতে নিজৰ সাংবিধানিক সীমাৰ ভিতৰত কাম কৰিব লাগে। নৈতিকতা জাপি দিয়াটো আদালতৰ দায়িত্ব নহয়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd