NORTHEAST NOW (Assamese)

বিবাহ বিচ্ছেদ! ভৰণ-পোষণৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৮টা বিষয় মনত ৰখা উচিত: উচ্চতম ন্যায়ালয়

December 12, 2024 11:31 am · এন ই নাও নিউজ, নতুন দিল্লী

বেংগালুৰুৰ অভিযন্তা অতুল সুভাষৰ আত্মহত্যাই কঁপাই তুলিছে দেশ। মৃত্যুৰ পূৰ্বে তেওঁ অভিযোগ কৰিছিল যে কেনেকৈ তেওঁৰ পত্নীয়ে তেওঁক বাৰে বাৰে মিছা গোচৰত ফচাই ধন দাবী কৰিছিল। ইফালে এই ঘটনাৰ মাজতে উচ্চতম ন্যায়ালয়ত আন এক বিবাহ বিচ্ছেদ গোচৰৰ শুনানি চলি আছিল। সেই শুনানিত উচ্চতম ন্যায়ালয়ে ভৰণ-পোষণ দিয়াৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ৮টা বিষয় মনত ৰাখিবলৈ পৰামৰ্শ দিছে।

প্ৰবীণ কুমাৰ জৈন আৰু তেওঁৰ পত্নী অঞ্জুৰৰ বিবাহ বিচ্ছেদ গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰবীণক ভৰণ-পোষণৰ বাবদ ৫ কোটি টকা দিবলৈ নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ উপৰিও ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ প্ৰসন্ন ভি ভাৰালৰ বিভাগীয় বিচাৰপীঠে ভৰণ-পোষণৰ মূল্য নিৰ্ণয় কৰাৰ সময়ত ৮টা বিষয় মনত ৰাখিবলৈ দেশৰ সকলো উচ্চ ন্যায়ালয়ক পৰামৰ্শ দিছে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে কোন ৮টা বিষয় মনত ৰখা উচিত-

১. স্বামী-স্ত্ৰীৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা কি

২. পত্নী আৰু সন্তানৰ ভৱিষ্যতৰ বাবে মূল কি বস্তু অতি প্ৰয়োজনীয়

৩. দুয়োজনৰে শৈক্ষিক অৰ্হতা আৰু চাকৰিৰ অৱস্থা কি

৪. ‘আয়ৰ উৎস’ আৰু সম্পত্তিৰ পৰিমাণ

৫. শহুৰৰ ঘৰত পত্নীৰ জীৱন-যাপনৰ মানদণ্ড কেনেকুৱা

৬. পৰিয়াল চোৱাচিতা কৰিবলৈ পত্নীয়ে চাকৰি এৰিছে নেকি

৭. উপাৰ্জন নকৰা পত্নীৰ আইনী গোচৰৰ যুঁজ দিয়াত কিমান টকা খৰছ  হৈছে

৮. পত্নীৰ ভৰণ-পোষণকে ধৰি অন্যান্য দায়িত্ব লোৱাৰ পিছত স্বামীৰ আৰ্থিক অৱস্থা কেনেকুৱা হ’ব।

উচ্চতম ন্যায়ালয়ে এই বিষয়সমূহ উল্লেখ কৰা গোচৰটোৰ প্ৰবীণ কুমাৰ জৈন আৰু অঞ্জু বিবাহৰ পিছত ৬ বছৰ একেলগে আছিল। তাৰ পিছত প্ৰায় ২০ বছৰ ধৰি পৃথক হৈ থাকে। প্ৰবীণে অভিযোগ কৰে যে অঞ্জুৱে তেওঁৰ পৰিয়ালক বেলেগ চকুৰে চাইছিল আৰু কোনো গুৰুত্ব নিদিছিল। আনহাতে অঞ্জুৱে দাবী কৰে যে তেওঁৰ প্ৰতি প্ৰবীণৰ আচৰণ ভাল নাছিল। বহুদিন একেলগে নথকাৰ বাবে তেওঁলোকৰ মাজত যে স্বামী-স্ত্ৰীৰ সম্পৰ্ক আছিল, সেইটোৱে তেওঁলোকে পাহৰি গৈছে।

উচ্চতম ন্যায়ালয়ে অনুভৱ কৰে যে ২০ বছৰ ধৰি পৃথক হৈ থকাৰ বাবে স্বামী-স্ত্ৰীৰ এই সম্পৰ্কৰ কোনো ভিত্তি নাই। সেয়ে, উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদত অনুমোদন জনায়।

Related News