NORTHEAST NOW (Assamese)

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025 5:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 19, 2025 5:40 pm

উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ এজন নাগৰিকৰ ভাৰতত আশ্ৰয় প্ৰদানৰ বাবে কৰা আবেদন নাকচ কৰি স্পষ্ট কৰিছে যে ভাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৰণাৰ্থীৰ বাবে ধৰমশালা নহয়। ন্যায়াধীশ দিপাংকৰ দত্ত আৰু কে. বিনোদ চন্দ্ৰানৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি কয় ভাৰতৰ ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শৰণাৰ্থীক আতিথ্য দিব নেকি?

প্ৰকাশিত তথ্য অনুসৰি আবেদনকাৰী শ্ৰীলংকাৰ তামিল নাগৰিক। তেওঁ বিৰুদ্ধে ২০১৫ চনত লিবাৰেশ্যন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই)ৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৮ চনত ৰ আদালতে তেওঁক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। পিছত, ২০২২ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শাস্তি ৭ বছৰলৈ হ্ৰাস কৰে, কিন্তু শাস্তিৰ ম্যাদ শেষ হোৱাৰ পিছত তেওঁক শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা আৰু দেশৰ পৰা বিতাড়নৰ নিৰ্দেশ দিছিল।

আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াই কয় যে তেওঁ ভাৰতৰ ভিছালৈ আহিছিল আৰু শ্ৰীলংকাত তেওঁৰ জীৱনৰ নিৰাপত্তা নাই। তেওঁৰ পত্নী আৰু সন্তান ভাৰতত বসতি স্থাপন কৰিছে আৰু তেওঁ প্ৰায় তিনি বছৰ ধৰি ডিটেনচনত আছে। ইয়াৰ উত্তৰত ন্যায়াধীশ দত্তই কয়, “ভাৰত ১৪০ কোটি জনসংখ্যাৰ দেশ। ইয়াক ধৰমশালা বুলি ভাবি সকলো বিদেশী নাগৰিকক আশ্ৰয় দিয়া সম্ভৱ নহয়।আবেদনকাৰীৰ অধিবক্তাই সংবিধানৰ ২১ নং অনুচ্ছেদ (জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা) আৰু ১৯ নং অনুচ্ছেদৰ (মত প্ৰকাশ আৰু চলাচলৰ স্বাধীনতা) অধিকাৰৰ কথা উল্লেখ কৰে যদিও আদালতে স্পষ্ট কৰিদিয়ে যে আইন অনুসৰি আটক কৰাৰ বাবে ২১ নং অনুচ্ছেদ উলংঘা হোৱা নাই আৰু ১৯ নং অনুচ্ছেদ কেৱল ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য।

আদালতে আবেদনকাৰীৰ শৰণাৰ্থীৰ দাবীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “ইয়াত থিতাপি লবলৈ কি অধিকাৰ আছে?” তেওঁৰ জীৱন শ্ৰীলংকাত বিপদত থকাৰ দাবীৰ প্ৰতি আদালতে পৰামৰ্শ দিয়ে যে তেওঁ আন কোনো দেশলৈ যাব পাৰে বুলি মন্তব্য কৰে।

Related News