ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ বহু বিপদজনক,চৰকাৰে বনাওক কঠোৰ নিয়ম : উচ্চতম ন্যায়ালয়

Supreame-Court-of-India-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো

উচ্চতম ন্যায়ালয়ে মঙলবাৰে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰে।

সৰ্বোচ্চ আদালতখনে কয় যে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ অত্যন্ত বিপদজনক। চৰকাৰে ইয়াক মোকাবিলা কৰিবৰ বাবে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰা উচিত।

ন্যায়াধীশ দীপক গুপ্তাই কেন্দ্ৰীয় চৰকাৰক কয় যে উচ্চতম ন্যায়ালয় নাইবা উচ্চ ন্যায়ালয়ে এইক্ষেত্ৰত নিৰ্দেশনা বনাব নোৱাৰে, কেৱল চৰকাৰেহে ইয়াক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

ন্যায়াধীশ দীপক গুপ্তাই কয় যে ছচিয়েল মিডিয়াৰ বাবে কঠোৰ নিৰ্দেশনা থকা উচিত,’মোৰ প্ৰাইভেচী সুৰক্ষিত নহয়, মই তো স্মাৰ্টফোন ত্যাগ কৰাৰ কথা চিন্তা কৰি আছো।‘

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয় যে ই তিনি সপ্তাহৰ ভিতৰত জনাওক যে কিমান সময়ৰ ভিতৰত তেওঁলোকে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ দিক্ নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ গৈ আছে।

আদালতে কয় যে ব্যক্তি বিশেষৰ নিজস্বতা তথা প্ৰতিষ্ঠা আৰু দেশৰ সাৰ্বভৌমত্বৰ মাজত সন্তুলন অটুট ৰখাটো জৰুৰী হৈ পৰিছে।

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ সম্পৰ্কত মন্তব্য দি ন্যায়াধীশ দীপক গুপ্তাই কয়,’’মানুহে ছচিয়েল মিডিয়াত এ কে-৪৭ ও ক্ৰয় কৰিব পাৰে।‘

ন্যায়াধীশ দীপক গুপ্তাই কয় এনে লাগিছে যেন স্মাৰ্টফোন ত্যাগ কৰা উচিত আৰু পুনৰ ফিচাৰ ফোনৰ দিশে উভতি যোৱা উচিত। গুপ্তাই কয় যে চৰকাৰ বহুত ক্ষমতাশালী আৰু লোকৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে। এনেক্ষেত্ৰত ই  দিক নিৰ্দেশনা প্ৰস্তুত কৰা উচিত আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ন্যায়াধীশ গুপ্তাই কয় যে অনলাইন অপৰাধ কৰাসকলক চিনাক্ত কৰাটো জৰুৰী। আমাৰ হাতত এই টেকনিক নাই বুলি সাধাৰণভাৱে কৈ আমি তেওঁলোকক এৰি দিব নোৱাৰো।আমি অপৰাধ কৰাসকলক শিক্ষা দিয়াটো প্ৰয়োজন।

দৰাচলতে উচ্চতম ন্যায়ালয়ত হোৱাটছএপ আৰু ফেচবুকে আবেদন দাখিল কৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত পৰি থকা আবেদনসমূহ উচ্চতম ন্যায়ালয়লৈ বদলি কৰাৰ প্ৰচেষ্টা চলাইছে।

মাদ্ৰাজ, বোম্বে আৰু মধ্যপ্ৰদেশ হাইকোৰ্টত এই সন্দৰ্ভত কেইবাখনো আবেদন পৰি আছে।

আবেদনসমূহত ফেচবুক আৰু আন ছচিয়েল মিডিয়াসমূহক আধাৰৰ সৈতে সংযোগ কৰিব লাগে বুলি অনুৰোধ কৰা হৈছে যাতে পোষ্ট দিয়াসকলৰ পৰিচয় লাভ কৰাটো সহজ হৈ পৰে।

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। কেন্দ্ৰীয় চৰকাৰে আদালতক এইটো জনাব লাগে যে তেওঁলোকে চচিয়েল ছাইটসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে কিবা দিক নিৰ্দেশনা বনাইছেনে নাই।