ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী প্ৰাক্তন অধ্যাপিকা সোমা সেনৰ জামিন মঞ্জুৰ

Elgar Parishad case Shoma Sen

অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী হৈ থকা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা নাগপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা সোমা সেনৰ।

আজি উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ জামিন মঞ্জুৰ কৰে। ২০১৮ চনত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, NIAই গ্ৰেপ্তাৰ কৰাৰ পিছত সেনক পাঁচ বছৰ ছয় মাহৰ কাৰাদণ্ড বিহা হৈছিল।

ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী) সংগঠনৰ সৈতে সেনৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰিছিল নিয়াই।

শীৰ্ষ আদালতৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু জৰ্জ অগাস্টিন মাছিৰ বিচাৰপীঠে আজি চৰ্তসাপেক্ষে সেনক জামিনত মুক্তিৰ নিৰ্দেশ দিয়ে। অৱশ্যে জামিন লাভ কৰিলেও সেনে আদালতৰ অনুমতি অবিহনে মহাৰাষ্ট্ৰ এৰিব নোৱাৰইব।

তদুপৰি বিচাৰপীঠে সোমা সেনক আদালতত নিজৰ পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়ে। সমান্তৰালভাৱে সেনৰ সৈতে যোগাযোগ কৰিবলৈ মাত্ৰ এটা সক্ৰিয় ফোন নম্বৰ ব্যৱহাৰ কৰা হ’ব আৰু সেই নম্বৰটো তদন্তকাৰী বিষয়াৰ নম্বৰৰ সৈতে সংযোগ কৰা হ’ব বুলি ৰায়ত উল্লেখ কৰে আদালতে।

আদালতৰ ৰায় অনুসৰি, তদন্তকাৰী বিষয়াই যাতে সোমা সেনৰ অৱস্থান অনুসৰণ কৰিব পাৰে, তাৰ বাবে ২৪ ঘণ্টা ধৰি জিপিএছ সক্ৰিয় কৰি ৰাখিব লাগিব বুলিও উল্লেখ কৰে। এই চৰ্ত উলংঘা হ’লে বিচাৰ বিভাগে জামিন বাতিলৰ দাবী কৰিব পাৰে বুলি বিচাৰপীঠে লগতে কয়।

উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত আয়োজিত এক অনুষ্ঠানৰ পিছদিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সেন কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যুবৰণ কৰিছে মানৱ অধিকাৰ কৰ্মী ফাডাৰ ষ্টেন স্বামীয়ে। অৱশ্যে অধিবক্তা সুধা ভৰদ্বাজ, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰা, আনন্দ টেলটুম্বডেই ইতিমধ্যে জামিন লাভ কৰিছে।

গোচৰৰ আন এগৰাকী অভিযুক্ত মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাওক স্বাস্থ্যজনিত কাৰণত জামিন দিছিল উচ্চতম ন্যায়ালয়ে। আনহাতে আন এজন অভিযুক্ত গৌতম লৱলাখা আছে গৃ্হবন্দী হৈ।

এই গোচৰৰ আন কেইবাগৰাকীও অভিযুক্ত ব্যক্তি এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে। তেওঁলোকৰ ওপৰত কাৰাগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নূন্যতম স্বতন্ত্ৰতাতো বাধা দিয়া হৈছে বুলি অভিযোগ উঠিছে।