ভাৰতৰ উচ্চতম ন্যায়ালয়ে গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু নিকটৱৰ্তী এলেকাত চলি থকা উচ্ছেদ অভিযানত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ১৮ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আব্দুল খালেক আদিয়ে দুখন আবেদন দাখিল কৰাৰ পিছতে আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে এই গাঁওসমূহত ৭০ বছৰতকৈ অধিক সময় বাস কৰা বুলি দাবী কৰি আবেদনকাৰীসকলে ২০২৫ চনৰ জুলাই মাহত জাৰি কৰা উচ্ছেদৰ জাননী অন্যায় বুলি যুক্তি আগবঢ়ায়। ১৮৯১ চনৰ অসম বন নিয়মাৱলীৰ আধাৰত প্ৰস্তুত এই জাননীত তেওঁলোকৰ গাঁওবোৰক দয়াং আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ অংশ বুলি ঘোষণা কৰি মাত্ৰ সাত দিনৰ সময় দিয়া হৈছে। তেওঁলোকে কয় যে বন অধিকাৰ আইন, ২০০৬ৰ প্ৰয়োজনীয়তা অনুসৰি কৰ্তৃপক্ষই সঠিক পদ্ধতি অনুসৰণ কৰা, পুনৰ্বাসনৰ ব্যৱস্থা কৰা, বা নিষ্পত্তিৰ তদন্ত চলোৱাত ব্যৰ্থ হৈছে।
আাবেদন কাৰীৰ মতে, বিদ্যুৎ সংযোগ, ৰেচন কাৰ্ড, ভোটাৰ তালিকাত প্ৰৱেশকে ধৰি দীৰ্ঘম্যাদী উপস্থিতিৰ প্ৰমাণো দাখিল কৰিছিল তেওঁলোকে। আৰু তেওঁলোকে দাবী কৰিছে যে এই উচ্ছেদসমূহে সংবিধান আৰু ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপন আইন, ২০১৩ৰ ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে দাবী কৰিছিল যে এই উচ্ছেদ অভিযানে সংবিধানৰ ১৪, ১৯, ২১, ২৫, আৰু ৩০০-এ অনুচ্ছেদৰ অধীনত তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে গুহাটী উচ্চ ন্যায়ালয়ে বাসিন্দাসকলক অবৈধ অনুপ্ৰৱেশকাৰী আখ্যা দি ৰায়দান কৰিছিল। ইয়াৰ বাবে অসন্তুষ্ট হৈ তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু জাননী জাৰি কৰি গোচৰৰ সমাধান নোহোৱালৈকে সকলো পক্ষকে যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। আদালতে দ্ৰুত যোগাযোগৰ বাবে “দস্তি” সেৱাৰ অনুমতিও প্ৰদান কৰে।এছ এল পি (চি) নং ২৩৬৪৭-২৩৬৪৮/২০২৫ হিচাপে তালিকাভুক্ত এই গোচৰটোৱে অসমৰ ভূমি আৰু উচ্ছেদ নীতিত প্ৰভাৱ পেলাব পাৰে।