NORTHEAST NOW (Assamese)

CAA কিয় বাতিল হ’ব নালাগে,কেন্দ্ৰ চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী উচ্চতম ন্যায়ালয়ৰ; ২২ জানুৱাৰিত হ’ব পুনৰ শুনানি

December 18, 2019 4:22 pm · এন ই নাও নিউজ
উচ্চতম ন্যায়ালয়

নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰাৰ দাবীৰে আজি উচ্চতম ন্যায়ালয়ত বাখ্যা আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু বিশিষ্ট শিক্ষাবিদ বসন্ত ডেকা আজি উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত উপস্থিত থাকে।

সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তা গৰাকীয়ে CAA ৰ বিৰোধিতাৰে সমগ্ৰ অসমত লাখ লাখ মানুহৰ সমৰ্থনেৰে চলি থকা গণতান্ত্ৰিক আন্দোলনৰ কথা উল্লেখ কৰি নিৰাপত্তাৰক্ষীৰ হাতত পাঁচগৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱাক ঘটনাক লৈ বাখ্যা আগবঢ়ায়।

আনহাতে, উচ্চতম ন্যায়ালয়ে বিভিন্ন পক্ষৰ বাখ্যা সমূহ শুনাৰ পাছত কেন্দ্ৰীয় চৰকাৰক CAA কিয় বাতিল কৰিব নালাগে সেই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

অহা ২ জানুৱাৰিলৈ উচ্চতম ন্যায়ালয় বন্ধ থাকিব আৰু ২২ জানুৱাৰীত পুনৰ শুনানি আৰম্ভ হ’ব।

উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাই CAA বাতিলৰ দাবীত লতাশিল খেলপথাৰত ১৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গণ সত্যাগ্ৰহ পালন কৰিছে।

সদৌ অসম কৰ্মচাৰী পৰিষদেও আজি সমগ্ৰ ৰাজ্যত কৰ্মবিৰতি ঘোষণা কৰি আছুৰ গণ সত্যাগ্ৰহলৈ সমৰ্থন আগবঢ়াইছে।

Related News