উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই ৰাজ্যিক কৰ্তৃপক্ষৰ “বুলড’জাৰ ন্যায়”ৰ তীব্ৰ সমালোচনা কৰি কয় যে, সম্পত্তি ভাঙিবলৈ বুলড’জাৰ চলোৱাটো সংবিধানৰ ওপৰত বুলড’জাৰ চলোৱাৰ দৰেই। ই আইনৰ শাসনক ধ্বংস কৰিছে আৰু এই নীতিক নিয়ন্ত্ৰণ নকৰিলে ন্যায় ব্যৱস্থাৰ ভিত্তি ভাঙি পেলাব।
পুনেৰ ভাৰতীয় বিদ্যাপীঠ নতুন আইন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰি তেওঁ এই মন্তব্য প্ৰকাশ কৰে। ন্যায়াধীশ ভূঞাই কয়, শেহতীয়াকৈ ৰাজ্যই অভিযুক্তৰ ঘৰ-সম্পত্তি আইনী প্ৰক্ৰিয়া অবিহনে বুলড’জাৰে ভাঙি পেলোৱাৰ এক বিৰক্তিকৰ প্ৰথা দেখা গৈছে। তেওঁ ২১ নং অনুচ্ছেদৰ অধীনত ন্যায্য বিচাৰ আৰু আশ্ৰয়ৰ অধিকাৰৰ উলংঘনৰ ওপৰত জোৰ দি কয়, অভিযুক্তৰ ঘৰত মাক, পত্নী, সন্তান থাকে। তেওঁলোকৰ দোষ কি? ঘৰ ভাঙিলে তেওঁলোক ক’লৈ যাব?
তেওঁ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ কথা উল্লেখ কৰি এনে কাৰ্যক অবৈধ বুলি উল্লেখ কৰি নিৰ্দেশনা জাৰিৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে আমি আত্মনিৰীক্ষণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ ৰায়ো পুনৰ বিবেচনাৰ যোগ্য বুলি মত প্ৰকাশ কৰে।
ন্যায়াধীশ ভূঞাই আইনৰ ছাত্ৰ-ছাত্ৰীক সমালোচনাত্মক চিন্তাৰ আহ্বান জনাই কয়, ৰায়ক মুদ্ৰাৰ দৰে গ্ৰহণ নকৰি প্ৰশ্ন কৰক। ন্যায়বিজ্ঞানৰ বিকাশৰ বাবে এই মানসিকতা জৰুৰী বুলি উল্লেখ কৰে। তেওঁ অধিকাৰভিত্তিক পদ্ধতিৰ ওপৰত গুৰুত্ব দি কয়, আইন ধাৰাবাহিকভাৱে প্ৰয়োগ হ’ব লাগে, আৰু মানৱ অধিকাৰ শক্তিশালী কৰিব লাগে।