ব্যৱহাৰ কৰিব নোৱাৰিব ‘পতিতা’ বা ‘বেশ্যা’ শব্দ : লিংগ বৈষম্য ৰোধৰ বাবে নতুন হাতপুথি উচ্চতম ন্যায়ালয়ৰ
লিংগ বৈষম্য ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন কৰিছে নতুন নিয়ম। ইয়াৰ বাবে এখন নতুন হাতপুথি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
নতুন হাতপুথি খনত কোৱা হৈছে যে নাৰীৰ বাবে আদালতত বেশ্যা, সতী আদি অসন্মানজনক শব্দ ব্যৱহাৰ কৰিব নোৱাৰি।
নতুন হাতপুথিখন উন্মোচন কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘আইনী প্ৰশ্নৰ উত্তৰ দিওঁতে মহিলাৰ বিষয়ে কোনো ধৰণৰ অপমানজনক শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। আদালতত নাৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰা শব্দবোৰ চিনাক্ত কৰিছে আদালতে। একেবাৰে অনৈতিক শব্দ কিছুমান বাবে বহুদিনৰ পৰা ব্যৱহাৰ হৈ আহিছে। সাধাৰণ মানুহৰ দৰে বিচাৰক সকলেও অজানিতে যৌনতাবাদী শব্দ ব্যৱহাৰ কৰে। কিন্তু সেই ভুলৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে।”
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পূৰ্বৰ কাৰ্য্যবিধি বা তেওঁলোকৰ ৰায়দানৰ বিচাৰ কৰাটো এই হাতপুথিৰ উদ্দেশ্য নহয়। দীৰ্ঘদিন ধৰি ন্যায়িক কাৰ্য্যবিধিত ব্যৱহাৰ হৈ থকা লিংগ বৈষম্যমূলক শব্দসমূহৰ ওপৰত হাতপুথিখনে আলোকপাত কৰিছে। বিচাৰকসকলে শুদ্ধ বিচাৰ কৰিলেও শব্দৰ ব্যৱহাৰৰ বাবে লিংগ বৈষম্য বিয়পিব পাৰে।
উদাহৰণস্বৰূপে এগৰাকী মহিলাক ব্যভিচাৰী বুলি কোৱাটো উপযুক্ত নহয়, তাৰ পৰিৱৰ্তে ক’ব পাৰি যে মহিলাগৰাকীয়ে বিবাহৰ বাহিৰত যৌন সম্পৰ্ক স্থাপন কৰিছে। পত্নীক ‘কৰ্তব্যপৰায়ণ পত্নী’ বুলি কোৱাটোও হাতপুথিত খনত বাৰণ কৰা হৈছে। এই হাতপুথি খনৰ নিৰ্দেশ মৰ্মে এতিয়াৰ পৰা পত্নীক কেৱল পত্নী বুলিয়েই ক‘ব লাগিব। লগতে ‘বেশ্যা’ বা ‘পতিতা’ শব্দটোও পৰিহাৰ কৰা উচিত বুলিও হাতপুথিখনত বিবেচনা কৰা হয়। আনহাতে ‘অকলশৰীয়া মাতৃ’ বা ‘চিংগল মাদাৰ’ শব্দৰ সলনি কেৱল মাতৃ বুলি উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই হাতপুথিখনত।
হাতপুথিখনত কোৱা হৈছে যে মহিলাসকলে ঐতিহাসিকভাৱে অসংখ্য পক্ষপাতিত্ব আৰু কু-সংস্কাৰৰ সন্মুখীন হৈছে। যি সমাজ আৰু ন্যায় ব্যৱস্থাত তেওঁলোকৰ ন্যায় আৰু সন্মানৰ ক্ষেত্ৰত বাধা হৈ পৰিছে। ভাৰতীয় ন্যায়পালিকাই লিংগ বৈষম্য দূৰীকৰণক স্বীকৃতি দিব লাগিব। গতিকে চিন্তা কৰি, সিদ্ধান্ত গ্ৰহণ সচেতনভাবে কৰিব লাগিব। সচেতন সিদ্ধান্ত গ্ৰহণে এনে ভাষাৰ ব্যৱহাৰ পৰিহাৰ কৰে। শব্দ অতি গুৰুত্বপূৰ্ণ, কাৰণ ই সামাজিক মনোভাৱক প্ৰভাৱিত কৰে।
উল্লেখ্য যে, নতুন হাতপুথিখনত লিংগ বৈষম্য আঁতৰাবলৈ একাধিক বাৰ্তা সন্নিবিষ্ট কৰা হৈছে।