চৰকাৰী চাকৰিৰ পদোন্নতিত সংৰক্ষণৰ বিষয়ত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

supreme-court_of_India-570x320-750x375

চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণৰ বিষয়ত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ নকৰে। এইক্ষেত্ৰত কোনো নতুন মাপকাঠী নিৰ্দ্ধাৰণ কৰা নহয় বুলিও জনাই দিছে সৰ্বোচ্চ আদালতখনে।

চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণ সম্পৰ্কীয় এক গোচৰৰ শুনানিত ন্যায়াধীশ নাগেশ্বৰ ৰাওৰ নেতৃত্বৰ বিচাৰপীঠে সদৰী কৰে যে বিভিন্ন চৰকাৰী পদত এছ চি, এছ টি-ৰ সংখ্যা কিয় পৰ্যাপ্ত নহয়, বিভিন্ন পদত এছ চি, এছ টি সংৰক্ষণৰ অনুপাত কিমান হোৱা উচিত সেই বিষয়ত ৰাজ্যসমূহেই তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সেয়া তেওঁলোকৰেই দায়িত্ব।

বিচাৰপীঠখনৰ আন দুগৰাকী সদস্য আছিল ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাই।

বিচাৰপীঠখনে পদোন্নতিৰ ক্ষেত্ৰত বৰ্তমান চলি থকা বিভিন্ন চৰ্তসমূহ খাৰিচ বা হ্ৰাস কৰিবলৈকো সন্মত নহ’ল।

লগতে পঢ়ক: প্ৰাণঘাতী ‘নিও ক’ভ’! কোভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

চৰকাৰী চাকৰিত পদোন্নতিৰ সময়ত এছ চি, এছ টিসকলৰ প্ৰতিনিধিত্ব নিৰ্দ্ধাৰম কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অনুপাত সংগ্ৰহ কৰাৰ যি ব্যৱস্থা কাৰ্যকৰী হৈ আছে সেয়া উঠাই দিবলৈ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

উল্লেখ্য যে পূৰ্বেই উচ্চতম ন্যায়ালয়ত এই প্ৰস্তাৱ খাৰিজ হৈছিল। এই গোচৰৰ শুনানিত যোৱা বছৰ অক্টোবৰত আদালতখনে শুনানি স্থগিত ৰাখিছিল। তেতিয়াই সৰ্বোচ্চ আদালতখনে স্পষ্ট কৰি দিছিল যে উচ্চ পদত এছ চি, এছ টিসকলৰ পৰ্যাপ্ত প্ৰতিনিধি নথকাৰ কাৰণ নিৰ্দ্ধাৰণ কৰিবলৈ আদালতে নতুন কোনো চৰ্ত বান্ধি দিব নোৱাৰে আৰু সেয়া ৰাজ্যসমূহৰ কাম।