বিমুখ বিৰোধী: উচ্চতম ন্যায়ালয়ত নাকচ সমষ্টি পুনৰ নিৰ্ধাৰণৰ স্থগিতাদেশৰ আবেদন
ৰাজ্যত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে স্থগিতাদেশৰ আবেদন জনাই দেশৰ শীৰ্ষ আদালতৰ কাষ চপা বিৰোধী পক্ষ আজি বিমুখ হৈছে আদালতত। আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিৰোধীৰ আবেদন নাকচ কৰি স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে।
অৱশ্যে এই সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে নিজাববীয়াকৈ চলাব পাৰিবনে নাই, সেয়া পৰীক্ষা কৰিব বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে। প্ৰকাশিত খবৰ অনুসৰি, শীৰ্ষ আদালতে লগতে এই প্ৰক্ৰিয়াক প্রত্যাহবান জনোৱা আবেদন সন্দর্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্রীয় তথা অসম চৰকাৰলৈ জাননী জাৰি কৰিছে।
তিনি সপ্তাহৰ ভিতৰত এই জাননিৰ প্ৰতি সঁহাৰি জনাবলৈ নিৰ্দেশ দিছে শীৰ্ষ ন্যায়ালয়ে। ইয়াৰ পিছত দুসপ্তাহৰ ভিতৰত আবেদনকাৰীসকলে নিজৰ উত্তৰ দাখিল কৰিব পাৰিব। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে।
বিচাৰপীঠে এই পৰ্যায়ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত নিষেধাজ্ঞা আৰোপ কৰাটো উপযুক্ত নহ’ব বুলি উল্লেখ কৰে যদিও অৱশ্যে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও দোহাৰে।
উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ শেহতীয়া খচৰা প্ৰস্তাৱক প্ৰত্যাহ্বান জনাই চলিত মাহৰ আৰম্ভণিতে ৰাজ্যৰ বিৰোধী নেতৃত্বই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ৰাজ্যৰ ১০টা বিৰোধী দল ক্ৰমে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিআই (এম), চিপিআই, তৃণমূল কংগ্ৰেছ, জাতীয়তাবাদী কংগ্ৰেছ দল, ৰাষ্ট্ৰীয় জনতা দল, আৰু আঞ্চলিক গণ মৰ্চাই দাখিল কৰিছিল আবেদন।
লগতে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু ৰাজ্যসভাৰ সাংসদ অজিত ভূঞায়ো আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত। লক্ষণীয়ভাৱে নিৰ্বাচন আয়োগৰ খচৰা প্ৰস্তাৱৰ পিছতে সমগ্ৰ ৰাজ্যতে এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
এই প্ৰতিবাদৰ মাজতে যোৱা ১৯ জুলাইত মতামত সংগ্ৰহৰ বাবে তিনিদিনীয়া ভ্ৰমণেৰে নিৰ্বাচন আয়োগৰ এটা দল অসমত উপস্থিত হৈছিল আৰু ৰাজ্যৰ বিৰোধী দলসমূহৰ লগতে জাতীয় দল-সংগঠনসমূহৰ সৈতে আলোচনাত মিলিত হৈছিল।