অসম চৰকাৰে ৰাজ্য প্ৰশাসনৰ ৫০% পদ বিলুপ্ত কৰিবলৈ লোৱা সিদ্ধান্তক ধিক্কাৰ জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক অসমৰ যুৱ সমাজৰ প্ৰতি চৰম প্ৰতাৰণা বুলি অভিহিত কৰিছে সংগঠনটোৱে।
এই বিবৃতি যোগে ডি ৱাই এফ আয়ে কয় যে বিধান সভা নিৰ্বাচনৰ সময়ত আজিৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিজেপি নেতা ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল যে তেওঁলোকে অসমৰ ২৩ লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব।
“কিন্তু কথা আৰু কামৰ মাজত মিল নথকা এইখন চৰকাৰে পদ বিলুপ্তিৰে যুৱ সমাজৰ ভবিষ্যত অন্ধকাৰ কৰি পেলাইছে। এইখন চৰকাৰ যে চূড়ান্ত মিছলীয়া আৰু প্ৰতাৰক, সেয়া তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্তই প্ৰমাণ কৰিছে।”— বিবৃতিটোত সংগঠনটোৱে লগতে কয়।
ডি ৱাই এফ আই- এ লগতে ৰাজ্য চৰকাৰে পূৰ্বে শিক্ষা বিভাগৰ ৮ হাজাৰ খালী পদ বিলুপ্ত কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি এতিয়া কেৱল খালী পদ বিলুপ্ত কৰাতে ক্ষান্ত নাথাকি জনবিৰোধী চৰকাৰখনে নামৰূপ সাৰ কাৰখানা চিৰদিনৰ বাবে বন্ধ কৰিব ওলাইছে আৰু ২১ খনকৈ চাহ বাগিচা বিক্ৰী কৰিব ওলাইছে বুলিও বিবৃতিটোত উল্লেখ কৰে।
শক্তিশালী অসম গঢ়াৰ শ্ল’গান দিয়া চৰকাৰখনে যে অসমখন লাওলোৱাহে কৰিব ওলাইছে সেয়া চৰকাৰৰ কাম-কাজে প্ৰমাণ কৰিছে বুলি লগতে দাবী কৰে ডি ৱাই এফ আইয়ে। সংগঠনটোৱে লগতে এই যুৱ তথা অসম বিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ৰাজ্য চৰকাৰক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে যুৱ সমাজৰ ভবিষ্যত অন্ধকাৰৰ মাজলৈ নিব বিচাৰিছে বুলি অভিযোগ কৰি চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজ তথা সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি ডি ৱাই এফ আইয়ে আবেদন জনাইছে।