উচ্চ ন্যায়ালয়সমূহক জনপ্ৰতিনিধিৰ বিৰুদ্ধে থকা গোচৰ দ্ৰুত নিষ্পত্তি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ বিভিন্ন ৰাজ্যৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে দমে দমে গোচৰ বিচাৰাধীন হৈ আছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়সমূহক এই গোচৰৰ ক্ষিপ্ৰ বিচাৰত সক্ৰিয়ভাৱে আগভাগ ল’বলৈ নিৰ্দেশ দিয়ে।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক এই গোচৰসমূহৰ নিষ্পত্তিৰ ওপৰত চকু ৰাখিবলৈ কয়। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি চলিছিল।

আবেদনকাৰী অধিবক্তা অশ্বিনী উপাধ্যায়ে কয় যে চৰকাৰী কৰ্মচাৰী, জনপ্ৰতিনিধি আৰু ন্যায়পালিকাৰ সদস্য, যাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে, তেওঁলোকে বিশেষ আদালত গঠন কৰি ক্ষিপ্ৰতাৰে কাম কৰিব লাগে। এবছৰৰ ভিতৰত বিচাৰ সমাপ্ত কৰি দোষীক আজীৱন বিধায়িনী, চৰকাৰ বা ন্যায়পালিকাৰ পদৰ পৰা অপসাৰণ কৰিব লাগে।

আৱেদনখনত উল্লেখ কৰা হৈছে যে উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰা নথি-পত্ৰত উল্লেখ আছে যে বৰ্তমান সমগ্ৰ দেশতে সাংসদ-বিধায়কৰ বিৰুদ্ধে ৫১৭৫টা অপৰাধমূলক গোচৰ চলি আছে। ইয়াৰে ২১১৬টা গোচৰ পাঁচ বছৰতকৈও অধিক সময় ধৰি চলি আছে।

লগতে পঢ়কঃ ICC World Cup 2023: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি বিশ্বকাপৰ শীৰ্ষ চাৰিত নিউজিলেণ্ড

এই আবেদনৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এই ক্ষেত্ৰত উমৈহতীয়া নিৰ্দেশনা প্ৰস্তুত কৰাটো কঠিন। অৱশ্যে য’ত গোচৰবোৰ আছে সেইবোৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়ক এই ক্ষেত্ৰত সক্ৰিয় হ’বলৈ তেওঁ কয়। সংবিধানৰ ২২৭ নং অনুচ্ছেদ অনুসৰি তেওঁলোকক বিশেষ বিচাৰপীঠ গঠন কৰিবলৈও কোৱা হৈছে।

আনহাতে, আবেদনৰ দ্বিতীয় অংশ অৰ্থাৎ দোষীসকলক নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ ৰোধ কৰাৰ বিষয়ত শুনানি অব্যাহত থাকিব।

এই জনস্বাৰ্থৰ গোচৰত আবেদনকাৰীসকলে ২০১৫ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱলম্বন কৰিছে। তাত কোৱা হৈছিল যে ক্ষমতাত থকা সাংসদ-বিধায়কৰ বিৰুদ্ধে যিবোৰ গোচৰত অভিযোগ গঠন কৰা হৈছে, সেইবোৰৰ বিচাৰ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। যদি সেয়া একান্তই কৰা নহয়, তেন্তে সেই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক প্ৰতিবেদন দিব লাগে।

লগতে পঢ়কঃকাটাৰত বন্দী আঠ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ বিৰোধিতাৰে আবেদন দাখিল ভাৰতৰ

এই ৰায়ৰ কথা উল্লেখ কৰি আবেদনকাৰীসকলে কয় যে অতি ব্যতিক্ৰমী পৰিস্থিতিৰ বাহিৰে এনে গোচৰত যাতে শুনানি স্থগিত ৰখা নহয় সেয়া উচ্চতম ন্যায়ালয়ে চাব লাগে।

২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈ বিভিন্ন উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়ত দাখিল কৰা নথি-পত্ৰৰ পৰা দেখা গৈছে যে এনে বিচাৰধীন গোচৰৰ সংখ্যা উত্তৰ প্ৰদেশত সৰ্বাধিক। ২০১৮ চনত ৰাজ্যখনত এনে গোচৰৰ সংখ্যা আছিল ৯৯২টা, যোৱা বছৰ সেয়া ১৩৭৭ লৈ বৃদ্ধি পাইছিল। ৭১৯ টা গোচৰ পাঁচ বছৰতকৈও অধিক পুৰণি। বিহাৰত ৫৪৬টা গোচৰ বিচাৰাধীন হৈ আছে, ইয়াৰে ৩৮১টা গোচৰ পাঁচ বছৰৰো অধিক পুৰণি।