NORTHEAST NOW (Assamese)

অবৈধ ধৰ্মান্তৰকৰণ অপৰাধ হ’লেও ই হত্যা, ডকাইতি বা ধৰ্ষণৰ দৰে গুৰুতৰ নহয়: উচ্চতম ন্যায়ালয়

January 28, 2025 10:21 am · এন ই নাও নিউজ, নতুন দিল্লী

কাৰোবাক অবৈধভাৱে ধৰ্মান্তৰিত কৰাটো অপৰাধ। কিন্তু হত্যা, ডকাইতি, ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধ নহয়। ধৰ্মান্তৰকৰণৰ সৈতে জড়িত এক গোচৰত উচ্চতম ন্যায়ালয়ে এইদৰে কয়।

উত্তৰ প্ৰদেশত অবৈধ ধৰ্মান্তৰকৰণৰ এক অভিযোগৰ উচ্চতম ন্যায়ালয়ত শুনানি চলি আছিল। ধৰ্মান্তৰকৰণৰ অভিযোগত মানসিকভাৱে ভালসাম্যহীন কিশোৰক উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে।

ইয়াৰ পূৰ্বে এই গোচৰটো উত্তৰ প্ৰদেশৰ নিম্ন আদালতত বিচাৰাধীন হৈ আছিল। তাত তেওঁক জামিন দিয়া হোৱা নাছিল। পিছত অভিযুক্তই জামিন বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাতো তেওঁৰ আবেদন নাকচ কৰা হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে অভিযুক্তক জামিন মঞ্জুৰ কৰে।

‘বাৰ এণ্ড বেঞ্চ’ত প্ৰকাশিত তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে অভিযুক্তক কিয় জামিন দিয়া নহ’ল সেই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক সমালোচনা কৰে।

উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ত জামিন আবেদন নাকচ কৰাৰ কোনো যুক্তিসংগত ভিত্তি নাছিল। এইটো হত্যা, ডকাইতি, ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধ নহয়। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে জামিনৰ বিষয়ত উচ্চ ন্যায়ালয়ে নিজৰ বিচক্ষণতাৰে বিবেচনা কৰা উচিত আছিল।

উচ্চতম ন্যায়ালয়ৰ শুনানিতো উত্থাপিত হয় নিম্ন ন্যায়ালয়ৰ বিষয়টো। উচ্চতম ন্যায়ালয়ে কয়, ‘আমি বুজি পাইছো যে বিচাৰ আদালতে জামিন আবেদন কিয় নাকচ কৰিলে। অপৰাধ যিয়েই নহওক কিয়, তেওঁলোকে জামিন দিবলৈ সাহস কৰাটো খুব কমেইহে দেখা যায়। কিন্তু অন্ততঃ উচ্চ ন্যায়ালয়ে সাহস দেখুৱাব আৰু বিবেচনাৰ ব্যৱহাৰ কৰিব বুলি আশা কৰা হৈছিল।’

দুজনীয়া বিচাৰপীঠে কয় যে প্ৰতি বছৰে বহু সন্মিলন, আলোচনা চক্ৰ, কৰ্মশালাৰ আয়োজন কৰা হৈছে। এইবোৰৰ উদ্দেশ্য হৈছে ন্যায়াধীশসকলে জামিনৰ আবেদন বিবেচনা কৰাৰ সময়ত নিজৰ বিচক্ষণতা ব্যৱহাৰ কৰিব পাৰে। বুজাই দিয়া হৈছে যে ন্যায়াধীশসকলে চি আৰ পি চিৰ ৪৩৯ নং ধাৰা বা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৪৮৩ নং ধাৰাৰ বিষয়ে অৱগত থাকে। উচ্চতম ন্যায়ালয়ৰ মতে এনে গোচৰত নিম্ন আদালতত জামিনৰ আৱেদন খাৰিজ কৰাৰ প্ৰৱণতা দেখা গৈছে।

Related News