প্রতিবাদ কৰক, কিন্তু পথ বন্ধ কৰি নহয় : উচ্চতম ন্যায়ালয়

supreme-court_of_India-750x375

উচ্চতম ন্যায়ালয়।

শাহিনবাগৰ সমস্যা নিষ্পত্তিৰ বাবে এইবাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দিশত আগবাঢ়িছে উচ্চতম ন্যায়ালয়!

কোনোৱে প্ৰতিবাদ কৰাত তাত আদালতৰ আপত্তি নাই, কিন্তু পথ বন্ধ কৰি বা যানজঁট সৃষ্টি কৰি নহয়।

উচ্চতম ন্যায়ালয়ে শাহিনবাগৰ সমস্যা নিষ্পত্তিৰ বাবে প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতিবলৈ দুগৰাকী মধ্যস্থতাকাৰীও নিয়োগ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী বিশিষ্ট আইনজীৱি সঞ্জয় হেগড়ে আৰু সাধনা ৰামচন্দ্ৰনক প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰি তাত হোৱা যানজঁট সমস্যাৰ স্থায়ী সমাধান উলিওৱাৰ দায়িত্ব দিয়া হৈছে।

অমিত চাহানি নামৰ অধিবক্তা এগৰাকীয়ে শাহিনবাগৰ যানজঁট সমস্যাক লৈ এটি গোচৰ তৰিছিল।

চাহানিৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে প্ৰতিবাদকাৰীসকলৰ উদ্দেশে কয়,’’আপোনালোকে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু পথ বন্ধ নকৰিব। ইয়াৰ ফলত বিশৃংখলাৰ সৃষ্টি হয়। আপোনালোকক দেখি আনেও অনুসৰণ কৰে। আজি আপোনালোকে কৰিছে, ভৱিষ্যতে আনেও কৰিব।‘’

পূৰ্বে ভীম আৰ্মিৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদে ঘোষণা কৰিছিল যে দেশত শাহিনবাগৰ দৰে আৰু পাঁচ হাজাৰ প্ৰতিবাদ হ’ব।

সোমবাৰে অধিবক্তা অমিত চাহানিয়ে আদালতত সেই প্ৰসংগও উত্থাপন কৰে।উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কে নিজৰ ৰায় প্ৰকাশ কৰি কয় যে প্ৰতিবাদ আৰু হোৱাত আপত্তি নাই। কিন্তু কোনো কাৰণতে যাতে পথ বন্ধ কৰা নহয়।