প্ৰাৰ্থীৰ সম্পত্তিৰ সবিশেষ জনাৰ অধিকাৰ নাই ভোটাৰৰ; ক’লে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ সকলো সম্পত্তিৰ বিষয়ে জনাটো ভোটাৰৰ অধিকাৰ নাই। প্ৰাৰ্থী পদৰ সৈতে জড়িত নোহোৱা বিষয়সমূহ গোপনীয় ৰখাৰ অধিকাৰ আছে প্ৰাৰ্থীৰো। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক গোচৰত এইদৰে কয়।

উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে যে প্ৰাৰ্থীসকলে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই যদিহে সেইবোৰৰ মূল্য অতি বেছি নহয় বা তাত তেওঁলোকৰ বিলাসী জীৱনশৈলী প্ৰতিফলিত নহয়।

২০১৯ চনৰ নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ তেজু বিধানসভাৰ আসনৰ নিৰ্দলীয় বিধায়ক কাৰিখো ক্ৰীৰ বিৰুদ্ধে দাখিল কৰা গোচৰত এই কথা পৰ্যবেক্ষণ কৰিছে উচ্চতম ন্যায়ালয়ে। এজন কংগ্ৰেছ নেতাই কাৰিখো ক্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ মনোনয়ন দাখিল কৰাৰ সময়ত শপতনামাত তেওঁৰ সকলো সম্পত্তিৰ কথা উল্লেখ কৰা নাছিল। সেয়েহে তেওঁৰ প্ৰাৰ্থীত্ব বাতিল ঘোষণা কৰিব লাগে।

লগতে পঢ়কঃ নামাজ পঢ়াই হ’ল অপৰাধ! গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ বিদেশী ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ

আৱেদনকাৰীৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমে কাৰিখোৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা বাতিল ঘোষণা কৰে। ইয়াৰ বাহিৰেও কাৰিখোৰ সকলো সম্পত্তি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনোৱা হৈছিল। উচ্চতম ন্যায়ালয়ে গুৱাহাটী আদালতৰ সেই ৰায় নাকচ কৰিলে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু সঞ্জয় কুমাৰৰ বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে। লগতে মন্তব্য কৰে যে কাৰিখোৰ সকলো সম্পত্তি পোহৰলৈ অনাৰ প্ৰয়োজন নাই।

আবেদনকাৰীয়ে অভিযোগ কৰিছিল যে নিৰ্বাচনী শপতনামা দাখিল কৰাৰ সময়ত কাৰিখো ক্ৰীয়ে শপতনামাত পত্নী আৰু পুত্ৰৰ তিনিখন গাড়ীৰ কথা উল্লেখ কৰা নাছিল। আবেদনকাৰীৰ যুক্তি আছিল যে কাৰিখোৱে নিৰ্বাচনী প্ৰচাৰত প্ৰভাৱ পেলোৱাটো স্পষ্ট।

আবেদনকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আদালতে কয় যে, এতিয়াও বাহনসমূহ ক্ৰীৰ পত্নী আৰু পুত্ৰৰ মালিকাধীন বুলি ধৰিব নোৱাৰি। আদালতে মনোনয়ন পৰ্যবেক্ষণ কৰাৰ আগতেই এইবোৰ উপহাৰ বা বিক্ৰী কৰা হৈছে। গতিকে শপতনামাত তিনিখন বাহনৰ কথা উল্লেখ নকৰি কোনো অন্যায় কৰা বুলি বিবেচিত নহয়। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ১২৩(২)ৰ অধীনত বাহনৰ তথ্য প্ৰকাশ নকৰাটো দুৰ্নীতিগ্ৰস্ত নীতি বুলি ধৰিব নোৱাৰি।

লগতে পঢ়কঃ ফুটুকাৰ ফেন! সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী মাত্ৰ ৮ শতাংশ

বিচাৰপীঠে ৰায় দিয়ে যে এজন নিৰ্বাচনী প্ৰাৰ্থীয়ে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। আদালতে স্পষ্ট কৰি দিয়ে যে শপতনামাত প্ৰাৰ্থী পদৰ সৈতে সম্পৰ্ক নোহোৱা সম্পত্তিৰ কথা উল্লেখ কৰাৰ প্ৰয়োজন নাই। কেৱল প্ৰাৰ্থী পদৰ সৈতে জড়িত সম্পত্তিৰ কথা উল্লেখ কৰিলেই যথেষ্ট বুলি গণ্য কৰা হ’ব। আদালতৰ পৰ্যবেক্ষণ যে কাৰিখো ক্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যিমান সম্পত্তিৰ প্ৰয়োজন আছিল সিমান সম্পত্তি অধিগ্ৰহণৰ কথা উল্লেখ কৰিছিল।

ভোটাৰসকলে এজন প্ৰাৰ্থীৰ সকলো সম্পত্তিৰ বিষয়ে জনাৰ অধিকাৰ আছে আৰু কাৰিখো ক্ৰীয়েও সকলো সম্পত্তিৰ তথ্য প্ৰকাশ কৰিব লাগে বুলি কৰা আবেদন উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে। বিচাৰপীঠে ৰায় দিয়ে যে এজন নিৰ্বাচনী প্ৰাৰ্থীয়ে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। আদালতে কয় যে তেওঁৰ প্ৰাৰ্থীত্বত যথেষ্ট প্ৰভাৱ পেলোৱা সম্পত্তি বা সম্পত্তিৰ বিষয়ে কেৱল প্ৰকাশ কৰিব লাগিব। এই গোচৰত আদালতে কেইবাটাও কথাৰ উদাহৰণো দাঙি ধৰিছে।

বিচাৰপীঠে কয় যে, আড়ম্বৰপূৰ্ণ সাজপোছাক, জোতা, বাচন-বৰ্তন, ষ্টেচনাৰী, আচবাব আদি বস্তুৰ উল্লেখ অপ্রাসংগিক যদিহে ইয়াৰ পৰিমাণ জব্দ কৰা ধনৰ সমান নহয়৷ যদি সেইবোৰ তেওঁৰ প্ৰাৰ্থীত্বৰ লগত প্ৰাসংগিক নহয় তেন্তে শপতনামাত সেইবোৰ উল্লেখ কৰাটো অপ্ৰয়োজনীয়।

লগতে পঢ়কঃ কৃষকৰ ক্ষোভ! নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হ’ল বিজেপি প্ৰাৰ্থী

বিচাৰপীঠে লগতে কয় যে যদি কোনো প্ৰাৰ্থীৰ পৰিয়ালৰ কেইবাটাও উচ্চ মূল্যৰ বিলাসী ঘড়ী আছে তেন্তে সেইবোৰৰ কথা উল্লেখ কৰিব লাগিব। কাৰণ এই বিষয়টোৱে তেওঁৰ বিলাসী জীৱনশৈলীক প্ৰতিফলিত কৰে আৰু লগতে প্ৰমাণ কৰে যে তেওঁৰ উচ্চ মূল্যৰ সম্পত্তি আছে।