উচ্চতম ন্যায়ালয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় দিছে। উক্ত ৰায়ত কয় যে ঘাইপথত কোনো সতৰ্কবাণী অবিহনে হঠাৎ ব্ৰেক লগোৱাৰ ফলত কোনো দুৰ্ঘটনা ঘটে সেয়া চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’ব অৰ্থাত তাৰ বাবে চালক জন দায়ী হ’ব। ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু অৰবিন্দ কুমাৰৰ দ্বাৰা গঠিত বিচাৰপীঠে জানিবলৈ দিয়ে যে ব্যক্তিগত জৰুৰীকালীন অৱস্থাৰ কাৰণে হঠাৎ গাড়ী ৰখোৱাৰ ফলত আন পথচাৰীৰ বাবে বিপদৰ সৃষ্টি হয়, তেন্তে তাক ন্যায্য কাৰণ হিচাপে গণ্য কৰা নহ’ব।
আদালতে উল্লেখ কৰিছে যে ঘাইপথত বাহনৰ তীব্ৰ গতি সাধাৰণ, চালকৰ দায়িত্ব হ’ল ৰখোৱাৰ আগতে পিছফালৰ বাহনসমূহক সংকেত বা সতৰ্কবাণী প্ৰদান কৰা। মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া কায় যে, “ঘাইপথত বাহন ৰখাবলৈ মন কৰা চালকে পিছফালৰ বাহনসমূহক সকীয়াই দিয়াৰ দায়িত্ব পালন কৰিব লাগে।”
প্ৰাপ্ত তথ্য অনুসৰি এছ মহম্মদ হাকিম নামৰ এগৰাকী অভিযান্ত্ৰিক ছাত্ৰৰ আবেদন অনুসৰি, ২০১৭ চনৰ জানুৱাৰীত কয়ম্বটুৰত হোৱা এক দুৰ্ঘটনাত বাওঁ ভৰি কাটিবলগীয়া হৈছিল। হাকিমৰ মটৰ চাইকেল এখন হঠাৎ ৰখা গাড়ীৰ পিছফালে খুন্দা মাৰে, ফলত তেওঁ পথত পৰি যায় আৰু পিছফালৰ পৰা অহা এখন বাছে তেওঁক থেতেলিয়াই পেলায়। গাড়ীৰ চালকে দাবী কৰিছিল যে তেওঁৰ গৰ্ভৱতী পত্নীৰ বমিৰ অনুভৱ হোৱাৰ বাবে গাড়ী ৰখাইছিল, কিন্তু আদালতে এই অজুহাতক অযুক্তিকৰ বুলি নাকচ কৰে।
আদালতে গাড়ীৰ চালকক ৫০%, বাছৰ চালকক ৩০% আৰু হাকিমক ২০% গাফিলতিৰ বাবে দায়ী কৰে, কিয়নো হাকিমে নিৰাপদ দূৰত্ব বজাই ৰখা নাছিল আৰু বৈধ ড্ৰাইভিং লাইচেন্স অবিহনে বাহন চলাইছিল। হাকিমৰ গাফিলতিৰ বাবে ক্ষতিপূৰণৰ পৰিমাণ ২০% হ্ৰাস কৰি মুঠ ১.১৪ কোটি টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া হৈছে, যিটো গাড়ী আৰু বাছৰ বীমা কোম্পানীয়ে চাৰি সপ্তাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব।
ইয়াৰ পূৰ্বে এই মটৰ দুৰ্ঘটনাৰ দাবীত ন্যায়াধিকৰণে গাড়ীৰ চালকক দোষমুক্ত কৰি বাছৰ চালকক ৮০% আৰু হাকিমক ২০% দায়ী বুলি গণ্য কৰিছিল। পিছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে গাড়ীৰ চালকক ৪০%, বাছৰ চালকক ৩০% আৰু হাকিমক ৩০% দায়ী কৰিছিল। সম্প্ৰতি উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ জৰিয়তে গাড়ীৰ চালকক প্ৰধানকৈ দায়ী কৰা হৈছে।