পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

ফটোঃ সংগ্ৰহীত।

অদ্ভুত ঘটনাটো সংঘটিত হৈছে ভিয়েটনামত। পেটৰ বিষত অস্থিৰ এজন ব্যক্তি। স্থানীয় চিকিৎসকে বিষৰ কোনো কাৰণ বিচাৰি নাপালে। অৱশেষত অসুস্থ অৱস্থাত লোকজনক চিকিৎসালয়লৈ ভৰ্তি কৰা হয়। কিন্তু  ব্যক্তিজনৰ পেট পৰীক্ষা কৰি চকু থৰ হৈ পৰিল চিকিৎসকৰ।

এই ৩৪ বছৰীয়া ব্যক্তিজনৰ সৈতে সংঘটিত হয় এক যন্ত্ৰণাদায়ক ঘটনা। লোকজন ভিয়েটনামৰ কোৱাং নিন প্ৰদেশৰ বাসিন্দা। পেটৰ বিষৰ কাৰণ জানিবলৈ ডাক্তৰে তেওঁৰ পেটৰ এক্স-ৰে কৰিছিল। আল্ট্ৰাছাউণ্ডো কৰা হয়। সেই ৰিপোৰ্টত দেখা যায় যে ৩২ চে.মি.ৰ এটা জীয়া মাছ মানুহজনৰ পেটত ঘূৰি ফুৰিছে৷

লগতে পঢ়কঃ কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

এই সৰু মাছটোৱে মানুহজনৰ প্ৰাণো কাঢ়ি নিব পাৰিলেহেঁতেন। এই মানুহজনৰ মলদ্বাৰত মাছটো সোমাই গ’ল। আৰা কলনতো ঘূৰি ফুৰিছিল। অন্ত্ৰত এটা সৰু খোলাও তৈয়াৰ কৰে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসকে কুচিয়া মাছটো আৰু ক্ষতিগ্ৰস্ত টিছ্যুবোৰ অন্ত্ৰৰ পৰা আঁতৰাই পেলাইছে। বৰ্তমান ব্যক্তিজন সুস্থ।

চিকিৎসকৰ এই সুক্ষ্ম অপাৰেচনটো সফল হৈছে । কিন্তু ব্যক্তিজনৰ জীৱনৰ শংকা আছিল। অৱশ্যে কুচিয়া মাছটো কেনেকৈ তেওঁৰ পেটত সোমাই গ’ল তাক লৈ সংশয়ৰ সৃষ্টি হৈছে।

চিকিৎসকে ধাৰণা কৰে যে সৰু কুচিয়া মাছটো গুহ্যদ্বাৰৰ মাজেৰে তেওঁৰ পেটত সোমাইছিল। পেটৰ পৰা মাছটো উলিয়াই অনাৰ পিছতো মাছটো জীয়াই আছিল। এই কথাটোৱে চিকিৎসকৰ দলটোক আৰু অধিক আচৰিত কৰি তোলে।

লগতে পঢ়কঃ IPL 2024: মুখৰ কথা নহয়! টী-২০ত হাফ চেঞ্চুৰীৰ চেঞ্চুৰী, কোহলীৰ ‘বিৰাট’ অভিলেখ; বেংগালুৰুৰ হাতত পৰাস্ত পঞ্জাৱ

চিকিৎসকে জনোৱা মতে, মাছটোৰ উলিয়াই পেট আৰু মলদ্বাৰৰ ক্ষতিগ্ৰস্ত টিছ্যুৰ অংশবোৰ আঁতৰাই পেলোৱা হয়। অপাৰেচনটোত ৰিস্ক আছিল। চিকিৎসকে কয় যে যিকোনো সময়তে সংক্ৰমিত হোৱাৰ আশংকা আছিল। চিকিৎসকৰ মতে মলদ্বাৰ আটাইতকৈ প্ৰদূষিত স্থান, সেয়ে সংক্ৰমণৰ আশংকা থাকে।