NORTHEAST NOW (Assamese)

‘পুস্পা-৩’ত বিশ্ব অভিলেখকাৰী ভাৰতীয় ক্ৰিকেটাৰ? ছিৰিজ জিকিয়েই বিগ ব্ৰেকিং দিলে সূৰ্যকুমাৰে!

November 17, 2024 2:39 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

সূৰ্যকুমাৰ যাদৱৰ টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ খন মেচৰ টি-২০ শৃংখলাত ৩-১ ব্যৱধানত জয়লাভ কৰে। যোৱা শুকুৰবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থ আৰু অন্তিম টি-২০ত ভাৰতে সঞ্জু চেমচন, তিলক ভাৰ্মাৰ সৌজন্যত ১৩৫ ৰানত জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে এটা উইকেট হেৰুৱাই ২৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত আইডেন মাৰ্কৰামৰ দলটোৱে ১৪৮ ৰান সংগ্ৰহ কৰিয়েই আউট হৈ যায়। সঞ্জুৱে ৫৬টা বলত ১০৯ ৰানৰ অপৰাজিত ইনিংছ খেলে। আনহাতে, ৪৭টা বলত ১২০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় তিলক। মুম্বাই ইণ্ডিয়ানছৰ তাৰকা তিলকে মেচখনৰ মেন অৱ দ্য মেচ সন্মানো লাভ কৰে।

খেলৰ শেষত অধিনায়ক সূৰ্য্যৰ মনটো স্বাভাৱিকতে উল্লাসিত হৈ পৰিছিল। তেওঁ তিলকৰ লগত আড্ডা মাৰিছিল। বিচিচিআই টিভিয়ে পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ’টো। কিন্তু আলোচনা ক্ৰিকেটক লৈ নহয়, তিলকৰ কান্ধলৈকে পৰা দীঘল চুলিকলৈহে আছিল।

লগতে পঢ়কঃ ধনুষৰ বিৰুদ্ধে খঙত জ্বলি উঠিল নয়নতৰা! মুকলি চিঠিৰে দিলে প্ৰত্যুত্তৰ

 ‘এই তিলক ভাৰ্মা, তোমাৰ বাবে মোৰ এটা প্ৰশ্ন আছে। তোমাৰ চুলিৰ ৰহস্য কি! সকলোৱে তোমাক আল্লু অৰ্জুন, আল্লু অৰ্জুন বুলি মাতিছে! তেওঁ তেলেগু ছুপাৰষ্টাৰ, আৰু তুমি ইয়াত…’

সূৰ্য্যই কথা শেষ কৰাৰ আগতেই তিলক ক’লে, ‘অ’ একো নাই। তুমিয়েই প্ৰথমে দীঘল চুলি দেখি কৈছিলা, তোমাক আল্লু অৰ্জুনৰ দৰে দেখা গৈছে। সকলোৱে জানে যে  তুমি এবাৰ ক’লেই সেয়া ৰাষ্ট্ৰ হৈ পৰে… হেলমেটৰ পৰা যেতিয়া চুলিখিনি ওলাই থাকে, সেই অনুভৱটো ভাল লাগে, মই সেইটোৱেই বিচাৰিছিলো। আৰু একোৱেই নাই!’

তেতিয়া সূৰ্য্যই কয়, ‘তুমি তাৰ মানে কব বিচাৰিছে যে পুস্পা ৩-ত তুমি কাম কৰিব বিচৰা…’! এই প্ৰতিবেদনৰ লগত সংলগ্ন ভিডিঅ’টো চাই সূৰ্য্য-তিলকৰ বাকী কথা-বতৰাখিনি শুনি লওক।

ব্লকবাষ্টাৰ হিট ‘পুষ্পা’ ফ্ৰেঞ্চাইজিৰ পৰৱৰ্তী ছবি ‘পুস্পা ২’। আল্লু অৰ্জুনৰ উপৰিও ‘পুস্পা ২’ত অভিনয় কৰিছে দক্ষিণৰ হাৰ্টথ্ৰব ৰশ্মিকা মন্দানাই। ‘পুস্পা ২’ কেতিয়া মুক্তি পাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

যোৱা ৮ এপ্ৰিলত আল্লু অৰ্জুনৰ জন্মদিন আছিল। সেইদিনা অভিনেতাগৰাকীয়ে অনুৰাগীসকলক এটা ৰিটাৰ্ণ গিফ্ট দিছিল। মুকলি হৈছিল ‘পুস্পা ২’ৰ টিজাৰ। যিটোৱে লগে লগে ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰে। বাণিজ্য বিশেষজ্ঞৰ মতে এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ১০০ কোটি টকা অতিক্ৰম কৰিব। চোৱা যাওক ‘পুস্পা ২’য়ে কি ধুমুহাৰ সৃষ্টি কৰে।

Related News