ৱাৰ্নাৰ পাৰ্কত সূৰ্যৰ তাণ্ডৱ: তৃতীয় টি-২০ত জয়েৰে শৃংখলাত অগ্ৰগতি ভাৰতৰ

India vs West Indies

দ্বিতীয় মেচত শোচনীয় পৰাজয়ৰ পিছত পুনৰ জয়ৰ ট্ৰেকলৈ উভটিছে ভাৰতীয় ক্ৰিকেট দল। মঙ্গলবাৰে বাচেটেৰেৰ ৱাৰ্ণাৰ পাৰ্কত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত ৭ উইকেটত সহজ বিজয় সাব্যস্ত কৰি পুনৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে।

মেচখনত ভাৰতৰ অন্যতম জয়ৰ নায়ক হৈ পৰে সূৰ্যকুমাৰ যাদৱ। দলৰ অপেনাৰৰ দৰে নতুন দায়িত্ব লৈ প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও মঙ্গলবাৰে পুনৰ নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজ্জ্বলি উঠিল ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা খেলুৱৈগৰাকী।

১৬৫ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে যাদৱৰ মাৰমুখী বেটিঙৰ সহায়ত সহজেই লক্ষ্য অতিক্ৰম কৰে। আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক শৈলীৰে ইনিংছ আৰম্ভ কৰা যাদৱে মাত্ৰ ৪৪ টা বলত ৪ টা ছয় আৰু ৮ টা চাৰিৰে ৭৬ ৰান সংগ্ৰহ কৰি ভাৰতৰ জয় সহজ কৰি তোলে।

যাদৱৰ উপৰি পণ্টে ৩৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। গুৰুত্বপূৰ্ণ ২৪ ৰানৰ অৱদান আগবঢ়ায় শ্ৰেয়স আয়াৰে। ৰবীন্দ্ৰ জাদেজাৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হোৱা দীপক হুডা ৭ ৰানত অপৰাজিত থাকে। ব্যৰ্থ হয় হাৰ্দিক পাণ্ডিয়া (৪)।

আনহাতে আঘাতৰ বাবে ব্যক্তিগত ১১ ৰানৰ স্ক’ৰত ক্ৰীজ এৰে অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই ক্ৰীজ এৰাৰ কিছু সময় পিছতে বিচিচিআই- এ এক টুইটযোগে তেওঁৰ আঘাতৰ কথা নিশ্চিত কৰে। অৱশ্যে খেলুৱৈগৰাকীৰ আঘাত সামান্য নে গুৰুতৰ, সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে অপেনাৰ কাইল মেয়াৰ্ছৰ ৭৩ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়েৰে পাঁচ উইকেটত ১৬৪ ৰাণ সংগ্ৰহ কৰিছিল। মেয়াৰ্ছে আনগৰাকী অপেনাৰ ব্ৰেণ্ডন কিঙ (২০) ৰ সৈতে প্ৰথম উইকেটত ৫৭ ৰানৰ যুটি বান্ধি দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰে।

কিঙৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা অধিনায়ক নিকোলাছ পুৰানে ২২ ৰানৰ অবদান আগবঢ়াই ভুৱনেশ্বৰ কুমাৰৰ চিকাৰ হয়। শেষলৈ ৰ’ভমেন পাৱেল (২৩) আৰু ছিমৰন হেটমেয়াৰে (২০) কিছু আক্ৰমণাত্মক বেটিঙেৰে দলৰ স্ক’ৰ ১৬৪ লৈ লৈ যায়।

ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰে ৩৫ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই মিতব্যয়ী বলিঙেৰে ১৯ ৰানত এটা উইকেট দখল কৰে। উদীয়মান পেচাৰ অৰ্শদ্বীপৰ হাতলৈ যায় আন এটা উইকেট।

এই জয়েৰে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে ভাৰতে। শৃংখলাৰ চতুৰ্থখন মেচ অহা ৬ আগষ্টত চেণ্ট্ৰেল ব্ৰাৱাৰ্ড ৰিজিঅ’নেল পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।