সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত নতুন মোৰ; বন্ধু সিদ্ধাৰ্থ পিথানিক গ্ৰেপ্তাৰ

IMAGE_1622186055

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ গোচৰে নতুন মোৰ লৈছে। এই গোচৰত এইবাৰ ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিথানিক।

বৃহস্পতিবাৰে হায়দৰাবাদৰ নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰো (এনচিবি)ই সিৰ্দ্ধাৰ্থক গ্ৰেপ্তাৰ কৰে।

আৰম্ভণিৰে পৰাই চিবিআই আৰু এনচিবিৰ জেৰাৰ সন্মুখীন হৈছিল সিদ্ধাৰ্থ। তেওঁক বৰ্তমান মুম্বাইলৈ লৈ অনা হৈছে।

উল্লেখ্য যে যোৱা বছৰ ১৪জুনত বান্দ্ৰাত নিজৰ এপাৰ্টমেন্টৰ পৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

অভিযুক্ত সিৰ্দ্ধাৰ্থ পিথানি বান্দ্ৰাৰ সেই একেটা ফ্লেটতে সুশান্তৰ সৈতে আছিল। সুশান্তৰ ৰহস্যজনক মৃত্যুৰ পাছত আৰক্ষীৰ তীক্ষ্ণ নজৰত আছিল অভিনেতা গৰাকীৰ বহু বন্ধু।

সুশান্তৰ মৃত্যুৰ পাছত বলীউদত ড্ৰাগছ ব্যৱসায় তথা স্বজনতোষণক লৈ সমগ্ৰ দেশ সৰৱ হৈ পৰিছিল। তদন্তৰ দাবী উত্থাপন হোৱাৰ পাছতে সুশান্তৰ সৈতে সম্পৰ্ক থকা তেওঁৰ বন্ধু, বান্ধৱী ৰিয়া চক্ৰৱৰ্তীকে ধৰি এজনৰ পাছত আনজন অভিনেতা তথা পৰিচালকক গ্ৰেপ্তাৰ কৰা হৈছিল।

সুশান্তৰ মৃত্যুৰ পাছত ড্ৰাগছ কাণ্ডৰ অন্যতম অভিযুক্ত হিচাপে নাম পোহৰলৈ আহিছিল সিৰ্দ্ধাৰ্থ পিথানিৰ। ৰিয়াৰ কল ৰেকৰ্ডৰ পৰা পোৱা তথ্য মতে সিদ্ধাৰ্থৰ সৈতে তেওঁৰ প্ৰায় ১০০ বাৰ কথা হৈছিল।

সূত্ৰসমূহে প্ৰকাশ কৰা মতে সুশান্তৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰি সিদ্ধাৰ্থই আৰক্ষীক খৱৰ দিছিল। চিবিআইয়ে সিদ্ধাৰ্থৰ ভাষ্য লিপিবদ্ধ কৰিছিল।

এনচিবিৰ বিষয়াই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে সিদ্ধাৰ্থ শীঘ্ৰেই আদালতত হাজিৰ কৰোৱা হ’ব। সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰে সুশান্তৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন দিশ মুকলি কৰিব পাৰে।