• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সুশীলাৰ অকথ্য কাহিনীৰে দেশৰ মানৱ সৰবৰাহকাৰী জালখনৰ বিষয়ে কিছু কথা…

ববিতা শইকীয়া by ববিতা শইকীয়া
August 24, 2020 7:00 pm
HumanTrafficking
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুশীলাৰ লগত কথা পতাৰ পাছত বহুদেৰিলৈকে মৌন হৈ ৰ’লো। এনে নহয় যে ইয়াৰ আগত এনে কথা শুনা নাই। বৰঞ্চ অনৱৰতে এই ঘটনাবিলাকৰ লগত লাগি থাকি অস্থিৰ হৈ পৰো।

সুশীলাক গাঁৱৰে দুজন ল’ৰাই হায়দৰাবাদত চাকৰি(মানুহৰ ঘৰত কাম কৰিবলৈ) লৈ গৈছিল। তাইৰ যাবৰ মন নাছিল যদিও মাক দেউতাকৰ কৰুণ মুখকেইখন দেখি গুছি গ’ল। অন্তত দুসাজ ভালকৈ খাই বৈ ঘৰলৈও টকা পঠাব পৰা যাব!!

মোৰ সহকৰ্মী চিতলে পুলিচৰ লগ হৈ সুশীলাক গুজৰাটত নাৰী ব্যৱসায়ীৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। তাই অসমীয়া নাজানে বাবে মোৰ লগত কথা পতাই ঘৰৰ ঠিকনা আৰু অন্যান্য খবৰবোৰ লিখি ল’লে। আমি সুশীলাক অসমলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিলো।

কিন্তু কথাবোৰ সিমানতে শেষ নহয়। সুশীলাৰ মানসিক আৰু শাৰিৰীক অৱস্থাৰ খবৰ ৰাখিবলৈ কোন আগবাঢ়ি আহিব?  আইনী প্ৰক্ৰিয়া এটাৰ মাজেৰে তাইক এটা নতুন জীৱনৰ বাট দেখুৱাব পৰা যাব হয়তো! কিন্তু ই কিমান ফলপ্ৰসূ হয় বাস্তবিকতে??

মানৱ সৰৱৰাহীৰ কৱলৰ পৰা উদ্ধাৰ কৰা এগৰাকী ভুক্তভোগীক জিলা ন্যায়িক আইন সেৱা প্ৰাধিকৰনৰ পৰা প্ৰথমে সাময়িক ক্ষতিপূৰণ দিয়া হয়। পৰৱৰ্তী পৰ্যায়ত দোষীক দোষী সাৱস্ত্য কৰা হ’লে সম্পূৰ্ণ ক্ষতিপূৰণ দিয়া হয়। অন্যান্য আৰ্থিক সাহায্যৰ নিৰ্দেশাৱলী ও আইনে আগবঢ়াইছে। কথাবোৰ খুব জটিল তথাপি আমি আওকাণ কৰিব নালাগে। আমাৰ অনুমতিৰ অবিহনে কোনো লোক কোঠালৈ হঠাতে সোমাই আহিলেই আমাৰ খং উঠে, অলপ হয়তো আত্মসন্মানতো লাগে। তেনে সময়তে যদি বেলেগ এগৰাকী ব্যক্তিৰ ইচ্ছাৰ বিপৰীতে গৈ আমি তেওঁৰ শৰীৰটোক তচ্ নচ্ কৰি পেলাওঁ,  কি হ’ব পাৰে তেওঁৰ মানসিক অৱস্থা, ই সহজে অনুমেয়।

যোৱা ৩০ জুলাই তাৰিখে “বিশ্ব মানৱ সৰৱৰাহ বিৰোধী দিৱস” পালন কৰা হয়। বহু Webinar  হ’ল, আলোচনা হ’ল,  কাকত প্ৰৱন্ধ ওলাল ইত্যাদি ইত্যাদি। মই যেতিয়া সুশীলাৰ লগত কথা পাতি আছিলো, মই খুব অসহায় অনুভৱ কৰিছিলো। এনে আলোচনা, Webinar সকলো অৰ্থহীন যেন লাগিছিল। তাই খুব কাতৰেৰে কৈছিল “মোক সোনকালে ইয়াৰ পৰা লৈ যাওক বাইদেউ…।” তাই হয়তো ভাৱিছে ঘৰ পালেহিয়েই তাইৰ সকলো সমস্যা শেষ হৈ যাব।  মই জানো, ঘৰত তাইৰ বাবে বেলেগ এখন দুনীয়া ৰৈ আছে। আমাৰ মনলৈ বাৰে বাৰে প্ৰশ্ন আহে ইমানবোৰ আইন-আদালত, পুলিচ, নীতি নিয়ম, সামাজিক গৱেষক, সজাগ জনসাধাৰণ থকাৰ পিছতো কিয় মানুহক বিক্ৰী কৰা হয়? এই অতি অমানৱীয় কাণ্ড কেৱল টকাৰ বাবেই কৰেনে? বৰ্তমান সময়ৰ আটাইতকৈ লাভজনক ব্যৱসায়েই মানব সৰৱৰাহ। ড্ৰাগছৰ পাছতে মানৱ সৰৱৰাহৰ ভয়াৱহতা সমগ্ৰ বিশ্ব জুৰি বিয়পি পৰছে।

বিশেষকৈ অসমৰ পৰা সদায়ে বাহিৰৰ ৰাজ্যলৈ গৈ আছে শ শ শিশু তথা মহিলা। লকডাউনৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা কঙাল হৈ পৰাৰ ফলত এই অপৰাধৰ পৰিমান দুগুণ বাঢ়ি যোৱাৰ সম্ভাৱনা অধিক।

আমি কি কৰিব পাৰোঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে!

১. নিজৰ অঞ্চলৰ দৰিদ্ৰ (যাক সহজ লক্ষ্য হিচাপে লোৱা হয়) লোকসকলক সচেতন কৰা উচিত যাতে কোনোৱে তেওঁলোকৰ সন্তানক ফুচুলাই নিব নোৱা।

২. কোনো লোক বাহিৰলৈ কাম কৰিবলৈ যাব লগা হ’লে গাঁওবুঢ়া, পঞ্চায়ত, স্থানীয় পুলিচ আদিক লিখিতভাৱে জনাই যাব লাগে যাতে ভৱিষ্যত বিপদৰ পৰা নিজক বচাব পাৰে।

৩. Anti human trafficking unit ( AHTU) ক প্ৰত্যেক জিলাতে অধিক সক্ৰিয় ৰূপত পুনঃনিৰ্মাণ কৰিব লাগে।

৪. বানপানী আৰু লকউনৰ ফলত অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অঞ্চলসমূহত গাঁওৰক্ষী বাহিনীক অধিক সক্ৰিয় কৰিব লাগে।

৫. দৰিদ্ৰতাৰ কবলত পৰি যাতে বাধ্য হৈ কোনো লোক মানৱ সৰৱৰাহৰ দৰে জঘন্য অপৰাধৰ ভূক্তভোগী হ’ব লগা নহয় তাৰ বাবে চৰকাৰে তৎকালে কিছুমান কল্যাণমূলক আচঁনি কাৰ্য্কৰী কৰিব লাগে।

তাৰবাহিৰেও সমাজৰ একোজন দায়বদ্ধ নাগৰিক হিচাপে আমি সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আন ধৰণে হওক সজাগতা গঢ়ি তুলিব লাগে।

আহক আমি প্ৰত্যেকে নিজকে প্ৰতশ্ৰুতি দিওঁ যে পাঁচজনৰ ভিতৰত অন্তত এজন শিশু অথবা ব্যক্তিক মানৱ সৰৱৰাহীৰ কৱলৰ পৰা ৰক্ষা কৰোঁ।

এনে অপৰাধৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অনুগ্ৰহ কৰি যোগাযোগ কৰক :-

১. 100 আৰক্ষীৰ নম্বৰ।

২. 1098 চাইল্ড লাইন নম্বা।

৩. 18001027222 বচপন বচাও আন্দোলনৰ নম্বৰ।

 

লেখিকা, আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ৱয়ক, অসম বচ্পন বচাও আন্দোলন, নতুন দিল্লী,

যোগাযোগ নম্বৰ ৯২০৫৫৮৫৯৬৬

ববিতা শইকীয়া

ববিতা শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd