আৰক্ষীৰ জালত জামাত-উল-মুজাহিদিনৰ সন্ত্ৰাসবাদী

JMB-2-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

মুছলিম সন্ত্ৰাসবাদী সংগঠন জামাত উল মুজাহিদিন বাংলাদেশ (জে এম বি)ৰ সৈতে জড়িত থকাৰ সন্দেহত বুধবাৰে নিশা উত্তৰ ত্ৰিপুৰাৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে আৰক্ষীয়ে।

গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বুধবাৰে নিশা আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাঘনা গাঁৱত অভিযান চলাই লোকজনক আটক কৰে।

লোকজনৰ পৰা বহু পৰিমানৰ ভাৰতীয় জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকজন বাংলাদেশৰ চিলেটৰ আব্দুল মালিক বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত লোকজন বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰাৰ লগতে তেওঁ ভাৰতত ভুৱা নথিৰ জৰিয়তে বসবাস কৰাৰ কথা উল্লেখ কৰে।

লোকজনে ভুৱা নথি-পত্ৰৰ জৰিয়তে সঘনাই বাংলাদেশলৈ অহা যোৱা কৰি থাকে বুলিও জানিবলৈ দিয়ে।

‘ভাৰতত থকা জে এম বিৰ আন সদস্যসকলৰ সৈতে সম্পৰ্ক থকাৰ কথা মালিকে স্বীকাৰ কৰিছে। আটক হোৱাৰ পূৰ্বে তেওঁ বাংগালুৰ আৰু চেন্নাইলৈও গৈছিল’, এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই কয়।

মালিক বাংলাদেশৰ এজন ম’ষ্ট ৱান্টেড জে এম বিৰ সদস্য। তেওঁক বৰ্তমান ধৰ্মনগৰ আৰক্ষী থানাত ৰাখি জেৰা চলাই থকা হৈছে।

উল্লেখ্য যে যোৱা বছৰো আৰক্ষীয়ে আগৰতলাৰ পৰা এজন জে এম বি কেডাৰক আটক কৰিবলৈ সক্ষম হৈছিল।