আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন (কে)-আলফা (স্বাঃ) উগ্ৰপন্থীৰ গুলীচালনা

প্রতিনিধিত্বমূলক ফটো।

Suspected NSCN (K) and ULFA (I) militants fire স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ পাংচাও পাছ-ত এন এছ চি এন (কে) আৰু আলফা স্বাধীনৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ এটা শিবিৰত আক্ৰমণ চলায়।

উগ্ৰপন্থীৰ আক্ৰমণত কোনো হতাহত হোৱাৰ নিশ্চিত খবৰ পোৱা হোৱা নাই যদিও একাংশ বাতৰিত এই আক্ৰমণত আসাম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ দাবী কৰা হৈছে।

লগতে পঢ়ক: নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

সূত্ৰসমূহে জনোৱা মতে, এন এছ চি এন (কে) আৰু আলফা (স্বাঃ)ৰ এটা যৌথ দলে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে মঙলবাৰে পুৱা প্ৰায় ৪ বজাত পাংচাও পাছ-ত অৱস্থিত নৱনিৰ্মিত আসাম ৰাইফলছ শিবিৰত আক্ৰমণ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত আসাম ৰাইফলছেও তেওঁলোকৰ ওপৰত গুলী চলায় আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষ ঘটে যদিও কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।

ঘটনাটো নিশ্চিত কৰি চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে কয় যে আজি ৰাতিপুৱা পাংচাও পাছ অঞ্চলৰ পৰা গুলীয়াগুলিৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: আৰক্ষী বিষয়াৰ পৰিচয়েৰে প্ৰৱঞ্চনা কৰা পিংকু দাস আৰক্ষীৰ জালত; উদ্ধাৰ আপত্তিজনক সামগ্ৰী

“এই আক্ৰমণত কোন বিদ্ৰোহী গোট জড়িত আছিল সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই,” আৰক্ষী অধীক্ষক গাম্বোৱে কয়। 

ইপিনে, চাংলাং জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ অভিযান আৰম্ভ কৰিছে।

শেহতীয়াকৈ আসাম ৰাইফলছে অৰুণাচল প্ৰদেশৰ টিৰাপ, লংডিং আৰু চাংলাং অঞ্চলত বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে আৰু এনএছচিএনৰ কেইবাজনো কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে।

পাংচাও পাছ এলেকা অৰুণাচল প্ৰদেশৰ অত্যন্ত ভিতৰুৱা অঞ্চল আৰু ম্যানমাৰৰ সীমাতে লাগি আছে।

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

উত্তৰ-পূবৰ বেছিভাগ বিদ্ৰোহী গোটে ম্যানমাৰৰ জংঘলত তেওঁলোকৰ শিবিৰ স্থাপন কৰিছে আৰু জংঘলৰ পথৰ মাজেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে।