ইতিমধ্যেই ছবিখনৰ নামটোৱেই পৰিচয় ধৰণৰ হৈ পৰিছে বুলিলে হয়তো ভুল কোৱা নহ’ব। হয়,বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি থকা স্বৰ্গৰথ ছবিখনৰ বিষয়েই এই লিখা। স্বৰ্গৰথৰ কাহিনী আৰু চিত্ৰনাট্য সন্মিলিতভাৱে লিখিছে শান্তনু ৰৌমূৰীয়া আৰু ৰাজেশ ভূঞাই। পৰিচালনা ৰাজেশ ভূঞাৰ।
গত ৭ জুন তাৰিখে মুক্তিলাভ কৰা ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণৰ গুৱাহাটীক পটভূমিৰূপে লৈ ছবিৰ কাহিনীৰ আৰম্ভণি। স্বৰ্গৰথ অৰ্থাৎ শৱদেহ কঢ়িওৱা বাহন চালক বৈকুণ্ঠই হস্পিটেলৰ পৰা এটি মৃতদেহ কলিয়াবৰলৈ নিবলৈ লোৱাৰ দৃশ্যৰে আৰম্ভণি। তাৰপিছত একেলগে ভাৰাতীয়াৰূপে থকা তিনি যুৱকৰ নিচাগ্ৰস্ত জীৱনলৈ গতি। তিনি যুৱকৰে চিন্তা ভৱিষ্যত আৰু পইচাক লৈ। লাগে সহজলভ্য ধন। তিনিওৰে সপোন বেলেগ বেলেগ। এজনৰ গায়ক হোৱাৰ যদি আনজনৰ অভিনেতা হোৱাৰ সপোন। পিছে,তিনিও যে নিজ নিজ সপোন পূৰাব পৰাকৈ সক্ষম নহয়,সেয়াও সিহঁতে প্ৰায় বুজি উঠে। গতিকে এতিয়া উপায় কি?সহজ উপায় গ্ৰহণ কৰি,পইচা ঘটাৰ!! কথামতেই কাম কৰিবলৈ পৰিকল্পনা। এফালে স্বৰ্গৰথৰ চালকৰ স্বপ্ন জীয়েকক ভাল কলেজত পঢ়ুৱাবৰ। ইফালে দুজন আৰক্ষী বিষয়াই কিবাকৈ একেধৰণেই সহজলভ্য ধন পোৱাৰ আশাত যুৱক তিনিজনৰ পিছত লাগি থাকে। এই আটাইবোৰ আৰু এজন যুৱকৰ কৌটিপটি পিতৃৰ মাজত সংযোগত ঘটনাপ্ৰৱাহে কি ৰূপ লয়গৈ তাৰেই কাহিনী স্বৰ্গৰথ। আৰম্ভণিৰে পৰাই কাহিনীৰ গতি মন্থৰ আৰু দৰ্শকক ছবিখনৰ প্ৰতি আগ্ৰহ জন্মাব পৰাবিধৰ নহয়। যিহেতু,বহু ঘটনা আৰু চৰিত্ৰৰ সমাহাৰ ঘটিছে,গতিকে চিত্ৰনাট্যখন সেই অনুসৰি সু-সংৰচিত হ’ব লাগিছিলে। অৰ্থাৎ প্ৰতিটো চৰিত্ৰৰ মাজৰ আন্তঃসংযোগক ভালদৰে প্ৰতিষ্ঠা কৰিব পৰাবিধৰ হ’ব লাগিছিলে। লগতেই, ঘটনাক্ৰমসমূহতো এনে মনোগ্ৰাহী উপাদান নাই,যাৰ বাবে ছবিখনৰ প্ৰতি দৰ্শকৰ মনোযোগ বৃদ্ধি পালেহেতেঁন। যি হৈ নুঠিল বাবে ছবিখন ছন্দহীন যেন অনুভৱ হ’ল। যেন এটা গতিত চলিব লাগে বাবেই হে ছবিখন চলি গৈ আছে!মাজে মাজে হাস্যৰসৰ উপস্থাপনৰ প্ৰয়াস কৰা হৈছে যদিও,এই হাস্যৰসৰ জোৰকৈ কৰা যেন লাগিল,সেয়ে হাঁহিবৰো কোনো অৱকাশ পোৱা নগ’ল। ছবিখনত উত্তেজনা আৰু কৌতূহল জগাই তুলিব পৰাৰো থল আছিল যদিও,সেয়াও ফুটি নুঠিল। সম্পাদনাৰ দিশটি কিছু দুৰ্বল। ছবিখন আৰু নাতিদীৰ্ঘ হ’ব পাৰিলেহেঁতেন। ঘটনাপ্ৰৱাহৰ সংমিশ্ৰণো সমুচিতৰূপত হোৱাহয় স্বৰ্গৰথ এখন উপভোগ্য হাস্যৰসধৰ্মী আৰু ৰ’ড ম’ভী(পথ বা ৰাস্তাৰ চিনেমা)হোৱাৰ সম্ভাৱনা আছিলে। দ্বিতীয়াৰ্ধত হঠাতে ছবিখনৰ আন তিনি মূল চৰিত্ৰ(তিনি যুৱক)ৰ অৱস্থিতি প্ৰায় নোহোৱা কৰি পেলোৱাতোও দৃষ্টিকটু হৈ পৰে।
প্ৰদীপ দৈমাৰীৰ চিনেমেট’গ্ৰাফীৰ কাম ভাল লগা। ঠিক তেনেদৰে অনুৰাগ শইকীয়াৰ আৱহ সংগীতো। প্ৰায় সমগ্ৰ ছবিখনতে নাগাৰা নামৰ আৱহ-সংগীতৰ ব্যৱহাৰ হৈছে। অন্তিম গীতটি”মনবন্ধু”ৰ প্ৰশংসা কৰিবই লাগিব। প্ৰযুক্তিগত দিশৰ পৰা স্বৰ্গৰথ এখন উন্নত মানৰ ছবি। স্বৰ্গৰথৰ আটাইতকৈ ভাল লগা দিশটি হৈছে চৰিত্ৰ নিৰ্বাচন আৰু অভিনয়। মূখ্য চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ শৰ্মা,কমল লোচন,বনী দেউৰীকে আদি কৰি প্ৰায়কেইটা চৰিত্ৰৰেই অভিনয় স্বাভাৱিক। মূলতঃ সিদ্ধাৰ্থ শৰ্মা আৰু কমল লোচনৰ কথা উল্লেখ কৰিবই লাগিব। আৰক্ষী বিষয়াৰ ভূমিকাত কেনী বসুমতাৰীৰ অভিনয়ো স্বাভাৱিক।
-ৰিমলী বৰকটকী।
Mail- [email protected]