• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

স্বৰ্গৰথ যাত্ৰা সফল নে?

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 16, 2024 4:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যেই ছবিখনৰ নামটোৱেই পৰিচয় ধৰণৰ হৈ পৰিছে বুলিলে হয়তো ভুল কোৱা নহ’ব। হয়,বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি থকা স্বৰ্গৰথ ছবিখনৰ বিষয়েই এই লিখা। স্বৰ্গৰথৰ কাহিনী আৰু চিত্ৰনাট্য সন্মিলিতভাৱে লিখিছে শান্তনু ৰৌমূৰীয়া আৰু ৰাজেশ ভূঞাই। পৰিচালনা ৰাজেশ ভূঞাৰ।

গত ৭ জুন তাৰিখে মুক্তিলাভ কৰা ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণৰ গুৱাহাটীক পটভূমিৰূপে লৈ ছবিৰ কাহিনীৰ আৰম্ভণি। স্বৰ্গৰথ অৰ্থাৎ শৱদেহ কঢ়িওৱা বাহন চালক বৈকুণ্ঠই হস্পিটেলৰ পৰা এটি মৃতদেহ কলিয়াবৰলৈ নিবলৈ লোৱাৰ দৃশ্যৰে আৰম্ভণি। তাৰপিছত একেলগে ভাৰাতীয়াৰূপে থকা তিনি যুৱকৰ নিচাগ্ৰস্ত জীৱনলৈ গতি। তিনি যুৱকৰে চিন্তা ভৱিষ্যত আৰু পইচাক লৈ। লাগে সহজলভ্য ধন। তিনিওৰে সপোন বেলেগ বেলেগ। এজনৰ গায়ক হোৱাৰ যদি আনজনৰ অভিনেতা হোৱাৰ সপোন। পিছে,তিনিও যে নিজ নিজ সপোন পূৰাব পৰাকৈ সক্ষম নহয়,সেয়াও সিহঁতে প্ৰায় বুজি উঠে। গতিকে এতিয়া উপায় কি?সহজ উপায় গ্ৰহণ কৰি,পইচা ঘটাৰ!! কথামতেই কাম কৰিবলৈ পৰিকল্পনা। এফালে স্বৰ্গৰথৰ চালকৰ স্বপ্ন জীয়েকক ভাল কলেজত পঢ়ুৱাবৰ। ইফালে দুজন আৰক্ষী বিষয়াই কিবাকৈ একেধৰণেই সহজলভ্য ধন পোৱাৰ আশাত যুৱক তিনিজনৰ পিছত লাগি থাকে। এই আটাইবোৰ আৰু এজন যুৱকৰ কৌটিপটি পিতৃৰ মাজত সংযোগত ঘটনাপ্ৰৱাহে কি ৰূপ লয়গৈ তাৰেই কাহিনী স্বৰ্গৰথ। আৰম্ভণিৰে পৰাই কাহিনীৰ গতি মন্থৰ আৰু দৰ্শকক ছবিখনৰ প্ৰতি আগ্ৰহ জন্মাব পৰাবিধৰ নহয়। যিহেতু,বহু ঘটনা আৰু চৰিত্ৰৰ সমাহাৰ ঘটিছে,গতিকে চিত্ৰনাট্যখন সেই অনুসৰি সু-সংৰচিত হ’ব লাগিছিলে। অৰ্থাৎ প্ৰতিটো চৰিত্ৰৰ মাজৰ আন্তঃসংযোগক ভালদৰে প্ৰতিষ্ঠা কৰিব পৰাবিধৰ হ’ব লাগিছিলে। লগতেই, ঘটনাক্ৰমসমূহতো এনে মনোগ্ৰাহী উপাদান নাই,যাৰ বাবে ছবিখনৰ প্ৰতি দৰ্শকৰ মনোযোগ বৃদ্ধি পালেহেতেঁ‌ন। যি হৈ নুঠিল বাবে ছবিখন ছন্দহীন যেন অনুভৱ হ’ল। যেন এটা গতিত চলিব লাগে বাবেই হে ছবিখন চলি গৈ আছে!মাজে মাজে হাস্যৰসৰ উপস্থাপনৰ প্ৰয়াস কৰা হৈছে যদিও,এই হাস্যৰসৰ জোৰকৈ কৰা যেন লাগিল,সেয়ে হাঁ‌হিবৰো কোনো অৱকাশ পোৱা নগ’ল। ছবিখনত উত্তেজনা আৰু কৌতূহল জগাই তুলিব পৰাৰো থল আছিল যদিও,সেয়াও ফুটি নুঠিল। সম্পাদনাৰ দিশটি কিছু দুৰ্বল। ছবিখন আৰু নাতিদীৰ্ঘ হ’ব পাৰিলেহেঁতেন। ঘটনাপ্ৰৱাহৰ সংমিশ্ৰণো সমুচিতৰূপত হোৱাহয় স্বৰ্গৰথ এখন উপভোগ্য হাস্যৰসধৰ্মী আৰু ৰ’ড ম’ভী(পথ বা ৰাস্তাৰ চিনেমা)হোৱাৰ সম্ভাৱনা আছিলে। দ্বিতীয়াৰ্ধত হঠাতে ছবিখনৰ আন তিনি মূল চৰিত্ৰ(তিনি যুৱক)ৰ অৱস্থিতি প্ৰায় নোহোৱা কৰি পেলোৱাতোও দৃষ্টিকটু হৈ পৰে।

Apply Now

প্ৰদীপ দৈমাৰীৰ চিনেমেট’গ্ৰাফীৰ কাম ভাল লগা। ঠিক তেনেদৰে অনুৰাগ শইকীয়াৰ আৱহ সংগীতো। প্ৰায় সমগ্ৰ ছবিখনতে নাগাৰা নামৰ আৱহ-সংগীতৰ ব্যৱহাৰ হৈছে। অন্তিম গীতটি”মনবন্ধু”ৰ প্ৰশংসা কৰিবই লাগিব। প্ৰযুক্তিগত দিশৰ পৰা স্বৰ্গৰথ এখন উন্নত মানৰ ছবি। স্বৰ্গৰথৰ আটাইতকৈ ভাল লগা দিশটি হৈছে চৰিত্ৰ নিৰ্বাচন আৰু অভিনয়। মূখ্য চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ শৰ্মা,কমল লোচন,বনী দেউৰীকে আদি কৰি প্ৰায়কেইটা চৰিত্ৰৰেই অভিনয় স্বাভাৱিক। মূলতঃ সিদ্ধাৰ্থ শৰ্মা আৰু কমল লোচনৰ কথা উল্লেখ কৰিবই লাগিব। আৰক্ষী বিষয়াৰ ভূমিকাত কেনী বসুমতাৰীৰ অভিনয়ো স্বাভাৱিক।

-ৰিমলী বৰকটকী।
Mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd