NORTHEAST NOW (Assamese)

ছুইজাৰলেণ্ডৰ NGOৰ লখিমপুৰত বান সাহায্য বিতৰণ

August 15, 2019 9:33 pm · এন ই নাও নিউজ
লখিমপুৰত বান সাহায্য বিতৰণ

‘এইড এট একশ্যন’ নামৰ ছুইজাৰলেণ্ডৰ বেচৰকাৰী সংস্থা এটাই বুধবাৰে অসমৰ লখিমপুৰ জিলাৰ বানপানীত আক্ৰান্ত হোৱা লোকৰ মাজত বিভিন্ন ধৰণৰ সা-সামগ্ৰী বিতৰণ কৰাৰ লগতে বানপানীত।

বিদেশী সংস্থাটোৰ সাহায্য শিবিৰলৈ ‘স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট বেংক অব ইণ্ডিয়া’ই সহযোগিতা আগবঢ়ায়।

লখিমপুৰ জিলাৰ কৰুণাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫০ টা পৰিয়ালৰ মাজত সংস্থাটোৱে বাল্টি, ম’গ, ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন, চাৰ্ফ, চেনেটাৰী পেড আৰু অ’ আৰ এচ আদি সামগ্ৰী বিতৰণ কৰে।

বানপানী হৈ যোৱাৰ পাছত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিশুদ্ধ খোৱা পানী, চাফ-চিকুনতা আৰু পুষ্টি বিষয়ক গুৰুত্ব আৰোপ কৰি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়।

জনস্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰা অনুষ্ঠানটোৰ আন এটা উদ্দেশ্য বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

অনুষ্ঠানত উত্তৰ লুলুক গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে বিজু শইকীয়া আৰু যতীন মৰাঙে অংশগ্ৰহণ কৰে।

এছ আই ডি বি আইৰ সহকাৰী শাখা প্ৰবন্ধক গিৰিন্দ্ৰ ব্ৰহ্ময়ো অনুষ্ঠানত অংশগ্ৰহণ কৰে।

‘এইড এট একশ্যন’ নামৰ সংস্থাটোৱে জিলাখনৰ আৰু অধিক ৰাজহ খণ্ডৰ অন্তৰ্গত গাঁও সমূহত এনেধৰণৰ সজাগতা আৰু সাহায্য অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে।

‘এইড এট একশ্যন’ নামৰ আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটো ইয়াৰ বিভিন্ন অঞ্চলত থকা সদস্য সকলে পৰিচালনা কৰে।

সংস্থাটোৱে সংকতৰ সময়ত জনসাধাৰণক শিক্ষা, স্থাস্থ্য আদিৰ ক্ষেত্ৰত সহযোগিতাৰে দেশৰ পৰিধিৰ সিপাৰত গৈ কাম কৰাৰ বিৰল নিদৰ্শন দাঙি ধৰিছে।

Related News