• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসা

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
April 22, 2023 4:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰ্ভিকেল কেঞ্চাৰ বা জৰায়ুৰ মুখৰ কেঞ্চাৰ ৰোগৰ বিষয়ে পূৰ্বৱৰ্তী লেখাত এই ৰোগ সম্পৰ্কে আৰু ইয়াৰ মূল কাৰণ তথা পৰীক্ষণ আৰু ভেকচিন সম্পৰ্কে কিছু তথ্য উল্লেখ কৰিছিলোঁ৷ এইবাৰ এই লেখাত এই ৰোগৰ লক্ষণসমূহৰ লগতে ৰোগটোৰ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ ওলাইছোঁ৷ অধিকাংশ ৰোগৰ ক্ষেত্ৰতেই,মানৱদেহত ফুটি উঠা বিভিন্নধৰণৰ লক্ষণৰ ভিত্তিতেই ব্যক্তি এজন কি ৰোগত আক্ৰান্ত হৈছে,সেই বিষয়ে জনা যায়। সাধাৰণ কিছু ৰোগৰ লক্ষণ মানুহে নিজেই জানে বা অৱগত। চাৰ্ভিকেল কেঞ্চাৰৰো কেইটিমান এনে লক্ষণ বা উপসৰ্গ আছে–যিবোৰ লক্ষণ দেহত দেখা দিলে জানিব পাৰিব যে সম্ভৱতঃ আপুনি এই ৰোগত আক্ৰান্ত হৈছে আৰু ততালিকে নিৰ্দ্দিষ্ট বিভাগৰ চিকিৎসকৰ কাষ চপা জৰুৰী,যাতে চিকিৎসকে প্ৰয়োজনীয় পৰীক্ষা–নিৰীক্ষা কৰি এই ৰোগৰ অৱস্থিতি আপোনাৰ দেহত আছে নে নাই সেয়া নিশ্চিত কৰি,প্ৰয়োজনীয় চিকিৎসা আগবঢ়াব পাৰে। গতিকেই তলত চাৰ্ভিকেল কেঞ্চাৰ ৰোগৰ কেইটিমান লক্ষণৰ বিষয়ে উল্লেখ কৰিছোঁ

১) ৰজোনিবৃত্তিৰ পিছত, যৌন–সংগমৰ পিছত আৰু দুটি মাহেকীয়া চক্ৰৰ মাজত যোনিদ্বাৰৰ পৰা হোৱা ৰক্তক্ষৰণ চাৰ্ভিকেল কেঞ্চাৰ এটি লক্ষণ৷
২) যোনিদ্বাৰৰ পৰা পনীয়া,তেজযুক্ত দ্ৰব্য নিঃসৰণ, যি খুব বেছি পৰিমাণে হ‘ব পাৰে আৰু লগতেই অতি দুৰ্গন্ধময় হ‘ব পাৰে–ই চাৰ্ভিকেল কেঞ্চাৰৰ আন এটি লক্ষণ৷
৩) যৌনসংগমৰ সময়ত বিষ অনুভৱ কৰা বা শ্ৰোণীদেশত হোৱা বিষ–চাৰ্ভিকেল কেঞ্চাৰৰ আন এটি লক্ষণ।

ওপৰত উল্লেখ কৰা লক্ষণসমূহ যদিহে আপোনাৰ দেহতো দেখা দিছে,তেন্তে ততাতৈয়াকৈ কোনো কেঞ্চাৰৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু যাৱতীয় পৰামৰ্শ গ্ৰহণ কৰক। কাৰণ,যিমান সোনকালে ৰোগ নিৰ্ধাৰণ হয়,সিমান সোনকালেই চিকিৎসা প্ৰক্ৰিয়াও আৰম্ভ কৰিব পাৰি। চাৰ্ভিকেল কেঞ্চাৰ ৰোগৰ আকৌ কেইবাটাও প্ৰকাৰ আছে। তাৰেই ভিতৰত প্ৰধান দুবিধ হৈছে–

১) স্কুৱামাছ চেল কাৰ্চিন‘মা আৰু
২) এডিন‘কাৰ্চিন‘মা।

কিছুমান এনে বিশেষ কাৰণ থাকে,যাৰফলত চাৰ্ভিকেল কেঞ্চাৰ ৰোগ দেহত দেখা দিয়াৰ সম্ভাৱনা অধিক হৈ পৰে। তেনে কেইটিমান কাৰণৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ–

১) বহু আৰু ভিন্ন যৌন–সংগী বা সম্পৰ্ক।
২) খুব কম বয়সতেই আৰম্ভ হোৱা যৌন–সম্পৰ্ক।
৩) HIV/AIDS কে আদি কৰি অন্যান্য যৌনভাৱে সংক্ৰমিত হোৱা ৰোগ।
৪) দেহৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা।
৫) ধূম্ৰপান ইত্যাদি।

ইয়াৰে আৰম্ভণিৰ তিনিওটা কাৰণৰ ক্ষেত্ৰতেই ব্যক্তিজন পূৰ্বে উল্লেখ কৰা HPV ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবল,যিয়েই চাৰ্ভিকেল কেঞ্চাৰ ৰোগৰ অন্যতম মূল কাৰণ।

এতিয়া আহিছোঁ এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়লৈ। লক্ষণসমূহ দেহত দেখা দিয়াৰ পিছত চিকিৎসকৰ কাষ চাপিলে চিকিৎসকে প্ৰয়োজনীয় পৰীক্ষা–নিৰীক্ষাৰ পৰামৰ্শ দিব। পৰীক্ষণৰ ফলাফলত এই ৰোগৰ অৱস্থিতি ৰোগীজনৰ দেহত দেখা দিলে,চিকিৎসকে ৰোগৰ প্ৰাবল্য আৰু স্তৰ অনুযায়ী এই ৰোগৰ ক্ষেত্ৰত কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন,সেইধৰণেই চিকিৎসা আৰম্ভ কৰিব। ইয়াৰে ভিতৰৰ কেইবিধমান চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰিছোঁ—

১) অস্ত্ৰোপচাৰ,
২) ৰেডিয়েচন,
৩) কেম‘থেৰাপী,
৪) ইমিউন‘থেৰাপী,
৫) টাৰ্গেটেড থেৰাপী ইত্যাদি।

প্ৰথমে আহিছোঁ অস্ত্ৰোপচাৰৰ বিষয়লৈ। চাৰ্ভিকেল কেঞ্চাৰ ৰোগত অস্ত্ৰোপচাৰত মূলতঃ এই কেঞ্চাৰৰোগে সৃষ্টি কৰা টিউমাৰৰ লগতেই জৰায়ুৰ মুখৰ কিছু স্বাস্থ্যবান কোষৰ তৰপৰো নিষ্কাষণ কৰা হয়। এনে কেইবিধমান অস্ত্ৰোপচাৰ হৈছে–
১) ক্ৰ‘নাইজেচন,
২) লুপ ইলেক্ট্ৰ‘চাৰ্জিকেল এক্সিছন প্ৰচিডিঅ‘ৰ,
৩) হিষ্টেৰেক্ট‘মী আৰু বিলেটেৰেল চেলপিংগ‘ অফ‘ৰেক্টমী।
৫) ৰেডিকেল ট্ৰেছেলেক্টমী।
৬) পেলভিক এক্সেলটেৰেছন।

এতিয়া আহিছোঁ, চাৰ্ভিকেল কেঞ্চাৰৰ দৰৱকেন্দ্ৰীক চিকিৎসা পদ্ধতি কেইটিমানৰ কথালৈ। এনে কেইটিমান চিকিৎসা পদ্ধতি হৈছে

১) কেম‘থেৰাপী(যি আন আন কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো প্ৰদান কৰা হয়)
২) টাৰ্গেটেড থেৰাপী আৰু
৩) ইমিউন‘থেৰাপী।

এইখিনি উপৰিও, ৰেডিয়েচন থেৰাপীৰ দ্বাৰাও চাৰ্ভিকেল কেঞ্চাৰৰ চিকিৎসা কৰা হয়। এই ৰেডিয়েচন ঠিক এক্স–ৰে ৰ দৰেই। মাথোঁ এই ৰেডিয়েচন প্ৰক্ৰিয়াত অতি শক্তিশালী ৰঞ্জক ৰশ্মিৰ ব্যৱহাৰ কৰা হয়,যি ৰশ্মি কেঞ্চাৰজনিত কোষসমুহক নাশ কৰিবলৈ ৰোগগ্ৰস্ত ব্যক্তিজনৰ দেহৰ নিৰ্দ্দিষ্ট অংশত প্ৰয়োগ কৰা হয়৷

কথা হ‘ল,এতিয়াও কেঞ্চাৰ ৰোগ বুলিলেই মানুহে কেঞ্চাৰ প্ৰাণঘাতী ৰোগ বুলিয়েই ভাবে বা গণ্য কৰে। পিছে বৰ্তমান সময়ত চিকিৎসা–বিজ্ঞানৰ বহুল উন্নয়ন ঘটিছে আৰু কেঞ্চাৰৰো ন ন চিকিৎসা–পদ্ধতিৰ সংযোজন ঘটিছে চিকিৎসা–বিজ্ঞানত। এনেয়ো কেঞ্চাৰ ৰোগৰ স্তৰ আৰু ইয়াৰ প্ৰাবল্যৰ ওপৰত ভিত্তি কৰিহে এই ৰোগ প্ৰাণঘাতী হয় নে নহয়,সেই কথা নিৰ্ভৰ কৰে। চাৰ্ভিকেল কেঞ্চাৰৰ ক্ষেত্ৰত আটাইতকৈ ভাল লগা কথাটো হৈছে যে–চাৰ্ভিকেল কেঞ্চাৰৰ নিৰাময় সম্ভৱ। গতিকেই,যদিহে আপোনাৰ দেহত ওপৰত উল্লেখ কৰা ভিন্ন লক্ষণে দেখা দিছে–তেন্তে অনতিপলমে কেঞ্চাৰৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰক। কিয়নো,এই কেঞ্চাৰৰোগৰ পিছতো এক সুস্থ,সহজ জীৱন সম্ভৱ।

লেখক – ডাঃ বিক্ৰম কুমাৰ ডেকা।
(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক,বি এল কে মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোনঃ ৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd