NORTHEAST NOW (Assamese)

লিভাৰ বেয়া হ’লে কেনেকৈ গ’ম পাব? জানো আহক লিভাৰ বেয়া হোৱাৰ লক্ষণ সমূহ

February 17, 2025 7:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2025 7:29 pm

শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃত। লিভাৰৰ ক্ষতিৰ লক্ষণসমূহে হঠাতে বা লাহে লাহে দেখা দিব পাৰে।

লিভাৰ বেয়া হোৱা সাধাৰণ লক্ষণসমূহ তলত দিয়া ধৰণৰ হব পাৰে –

১. জণ্ডিচ : বিলিৰুবিন বঢ়াৰ বাবে ছাল আৰু চকুৰ বগা অংশ হালধীয়া হোৱা। 

২. কাম-কাজ নকৰিলেও সদায় ভাগৰ অনুভৱ কৰা। 

৩. পেটৰ ওপৰৰ সোঁফালৰ অস্বস্তি বা বিষ। পেটত পানী জমা হোৱা।

৪. এলবুমিন অভাৱত শৰীৰত পানী জমা হোৱা।  ভৰিৰ গোৰোহা ফুলি উঠা।

৫. বমি বমি ভাব বা বমি হোৱা, ভোক নলগা হোৱা, ওজন কমি যোৱা।

৬. পেচাব ৰঙা বা হালধীয়া হোৱা, মল বগা বা মাটিৰ ৰঙৰ হোৱা।

৭. ছালৰ পৰিৱৰ্তন: হাতৰ তলুৱা হালধীয়া হোৱা।

৮. স্মৃতিশক্তি হ্ৰাস পোৱা।

৯. অনিদ্ৰা বা টোপনিৰ সময় খেলিমেলই হোৱা। 

১০.  মহিলাৰ অনিয়মিত ঋতুচক্ৰ। 

১১. হেপাটাইটিছৰ দৰে ৰোগ হোৱা।

১২. মুখৰ পৰা গোন্ধ ওলোৱা।

১৩. তেজ বমি।

এই কেইটা লক্ষণে দেখা দিলে শীঘ্ৰেই চিকিৎসকৰ ওচৰলৈ যাওক আৰু ভালদৰে স্বাস্থ্য পৰীক্ষা কৰক।

Related News