ইয়াৰ পূৰ্বৰ লেখাটোত স্তন কেঞ্চাৰৰ বিষয়ে কিছু কথা আৰু স্তন কেঞ্চাৰৰ কাৰকসমূহৰ বিষয়ে জনাইছিলো৷ লগতে ইয়াৰে মাজৰ জিনগত কাৰকৰ বাবে হ’ব পৰা কেঞ্চাৰক আগতীয়াকৈ প্ৰতিৰোধ কৰিবৰ বাবে যশস্বী অভিনেত্ৰী এঞ্জেলিনা জলীয়ে কি পদক্ষেপ লৈছিল, সেই বিষয়ে জনোৱা হৈছিল। আজিৰ এই লেখাত স্তন কেঞ্চাৰৰ লক্ষণসমূহৰ বিষয়ে জনোৱাৰ লগতে, ইয়াৰ পিছৰ পৰ্যায়ত কেঞ্চাৰ হৈছে নে নাই, সেই কথা নিশ্চিত কৰিবৰ বাবে কৰিবলগীয়া যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু যদিহে হৈছে- তেন্তে ৰোগৰ চিকিৎসা কিদৰে কৰা হয়- এই দিশসমূহৰ বিষয়ে সামগ্ৰিকভাৱে কিছু কথা জনাবলৈ ওলাইছো।
স্তন কেঞ্চাৰ সম্পৰ্কে, আমাৰ দেশত বৰ্তমান সময়ত, পূৰ্বৰ তুলনাত কিছুখিনি সচেতনতা আহিছেই বুলিব পাৰি। যেনে কিছু হ’লেও নাৰীয়ে জানে- কিদৰে ঘৰতেই সময়-সাপেক্ষে নিজৰ স্তন পৰীক্ষা কৰি চাব পাৰি। তথাপিও স্তন কেঞ্চাৰৰ কেইটিমান লক্ষণৰ বিষয়ে তলত দিছো, হয়তো বহুতৰ বাবে ই সহায়ক হ’ব। কাৰণ, স্তন কেঞ্চাৰৰ পৰিসংখ্যা যদিও অধিক, পিছে স্তন কেঞ্চাৰৰ আটাইতকৈ যোগাত্মক কথাটি হৈছে যে- প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে, চিকিৎসাৰ জৰিয়তে স্তন কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।
লক্ষণসমূহ-
১)স্তন বা কাষলতি অংশত হোৱা টেমুনা(সাধাৰণতে বিষ নহয়),
২)স্তনৰ ছালত জ্বলা-পোৰা কৰা বা ছালৰ কিছু অংশ ভিতৰলৈ সোমাই যোৱা,
৩)স্তনৰ মুখ বা নিপ্প’লৰ পৰা ৰঙচুৱা জুলীয়া দ্ৰব্য নিঃসৰণ হোৱা,
৪)স্তন ৰঙা পৰা অথবা স্তনত ঘাঁ লগা,
৫)স্তনৰ মুখ বা নিপ্প’লটো ভিতৰৰ ফালে,অৰ্থাৎ ওলোটাকৈ সোমাই যোৱা, ইত্যাদি।
সাধাৰণতে, তেলেতীয়া আৰু খুব উচ্চ সমৃদ্ধ খাদ্যাভাস, সুৰাপান, মেদবহুলতা, মুখেৰে সেৱন কৰা গৰ্ভনিৰোধক দৰৱ বা পিল, সন্তান জন্ম নিদিয়া বা প্ৰথম সন্তানৰ জন্ম পলমকৈ দিয়া- আদিবোৰ কাৰণৰ বাবে নাৰী এগৰাকী স্তন কেঞ্চাৰত আক্ৰান্ত হ’ব পাৰে। যদিওবা, এইখিনিৰ পিছতো বহুতৰে নহ’বও পাৰে। তথাপিও, ওপৰোক্ত লক্ষণসমূহ দেখা দিলে ততালিকে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু চিকিৎসকে দিয়া দিহা অনুসৰি যাৱতীয় পৰীক্ষা-নিৰীক্ষা সমূহ কৰাওক। এতিয়া এই পৰীক্ষা-নিৰীক্ষাসমূহৰ বিষয়েই কিছু কথা জনাবলৈ লৈছো-
১)মেম’গ্ৰাম(স্তনৰ এবিধ বিশেষ এক্স-ৰে)অথবা স্তনৰ আলট্ৰাচাউণ্ড।
২)বায়’পছিঃ-এই প্ৰক্ৰিয়াত স্তনত চেতনাহীন দৰৱৰ প্ৰয়োগ কৰি, বেজীৰ সহায়েৰে স্তনত হোৱা টেমুনাৰ পৰা সামান্য কোষ পৰীক্ষণৰ বাবে উলিয়াই অনা হয়।
৩) কিছু বিশেষ ক্ষেত্ৰত এম আৰ আই কৰাও যায়।
লগতে পঢ়ক: https://assam.nenow.in/dr-bikram-kumar-deka-writes-on-breast-cancer/
এই পৰীক্ষা-নিৰীক্ষাসমূহ কৰাৰ পিছত যদিহে ৰোগীগৰাকীৰ স্তন কেঞ্চাৰ ৰোগ ধৰা পৰে, তেতিয়া চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হয়। এই চিকিৎসা প্ৰক্ৰিয়াৰ বহুকেইটা ভিন্ন প্ৰকাৰ আছে। যেনে-অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিয়েচন আৰু হ’ৰমন থেৰাপী ইত্যাদি। কিছু কিছু কেঞ্চাৰৰ ক্ষেত্ৰত, অৰ্থাৎ ৰোগৰ প্ৰকাৰ আৰু স্তৰভেদে কেতিয়াবা ৰোগীগৰাকীৰ প্ৰথমে অস্ত্ৰোপচাৰ কৰা হয় আৰু তাৰপিছত কেম’থেৰাপী দিয়া হয়। আকৌ আন কিছু ক্ষেত্ৰত প্ৰথমেই কেম’থেৰাপী দি, পৰৱৰ্তী পৰ্যায়ত হে অস্ত্ৰোপচাৰ কৰা হয়।
১)অস্ত্ৰোপচাৰঃ- অস্ত্ৰোপচাৰত সাধাৰণতে মেছেক্টমী পদ্ধতিৰে নাৰীগৰাকীৰ স্তন দুটি দেহৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিয়া হয়, অথবা আক্ৰান্ত স্তনৰ কিছু অংশ অস্ত্ৰোপচাৰৰ যোগেদি গুছাই দিয়া হয়। এই কিছু অংশ, অৰ্থাৎ স্তনৰ কেঞ্চাৰ আক্ৰান্ত অংশখিনিহে নিৰ্দ্দিষ্ট পদ্ধতিৰে গুছাই দিয়া প্ৰক্ৰিয়াক “ব্ৰেষ্ট কনজাৰভেছন” পদ্ধতি বোলা হয়, য’ত নাৰীগৰাকীৰ স্তনৰ আকাৰত প্ৰভাৱ নপৰে। সম্পূৰ্ণৰূপে গুছাই দিয়া স্তন পুনৰাই পূৰ্বাৱস্থালৈ ঘূৰাই আনিবৰ বাবে প্লাষ্টিক চাৰ্জাৰী বা দেহৰ আন অংশৰ পৰা কিছু কোষ আনি স্তনৰ পুনৰ সৃষ্টি কৰাৰো চিকিৎসা ব্যৱস্থা উপলব্ধ। স্তনৰ অস্ত্ৰোপচাৰৰ পিছত প্ৰায়েই ৰোগীৰ কাষলতিৰ অংশ ফুলি যোৱা দেখা যায়, তাৰবাবে দীঘলীয়া সময়ৰ ফিজিঅ’থেৰাপীৰ প্ৰয়োজন হয়।
২)কেম’থেৰাপীঃ- হয় অস্ত্ৰোপচাৰৰ আগত, নতুবা অস্ত্ৰোপচাৰৰ পিছত ৰোগীক কেম’থেৰাপী প্ৰদান কৰা হয়। কেঞ্চাৰ জটিল স্তৰত থাকিলে কেম’থেৰাপী দি তাৰ পিছত অস্ত্ৰোপচাৰ কৰা হয়। নহ’লে অস্ত্ৰোপচাৰৰ পিছত কেম’থেৰাপী দিয়া হয়। স্তন কেঞ্চাৰৰ কিছু স্তৰত, যেনে চতুৰ্থ পৰ্যায় বা স্তৰত, দেহৰ যিবোৰ অংশলৈ ৰোগ বিয়পি পৰে, তাত একমাত্ৰ কেম’থেৰাপীৰহে প্ৰয়োগ কৰিব পৰা যায়। আনহাতে, কিছু ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পিছত কেম’থেৰাপীৰ প্ৰয়োজন নহয়। ৭০ বছৰৰ উৰ্দ্ধৰ নাৰীক কেম’থেৰাপী দিয়া নহয়।
দিনদীয়াকৈ অৰ্থাৎ দিনটোৰ বাবে ৰোগীক হস্পিটেলত ভৰ্তি কৰিও কেম’থেৰাপী দি একেদিনাই ঘৰলৈ নিব পাৰে। কেম’থেৰাপী দিয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে ৰোগীগৰাকীৰ বমি, দুৰ্বলতা, চুলি সৰি যোৱা, শিৰাৰ দুৰ্বলতা, গাঁঠিৰ দুৰ্বলতা ইত্যাদি হোৱা দেখা যায়। এই পাৰ্শ্বক্ৰিয়াসমূহ কেম’থেৰাপী দি শেষ হোৱাৰ পিছত নোহোৱা হৈ পৰে। এনেয়ো চিকিৎসা-বিজ্ঞানে এই পাৰ্শ্বক্ৰিয়াসমূহ অতীতৰ তুলনাত এতিয়া যথেষ্ট পৰিমাণে কমাব পাৰিছে।
৩)ৰেডিয়েচনঃ-যিসকল স্তন কেঞ্চাৰৰ ৰোগীৰ স্তনৰ কিছু অংশ অস্ত্ৰোপচাৰৰ জৰিয়তে গুছাই পেলোৱা হয়, সেইসকলক অস্ত্ৰোপচাৰৰ পিছত ৰেডিয়েচন দিয়াৰ প্ৰয়োজন হয়। সপ্তাহত ৫ দিনকৈ, ২-৩ সপ্তাহৰ বাবে দৈনিক এঘন্টামানকৈ ৰেডিয়েচন দিয়া হয়। ছালৰ কিছু অংশ পোৰাৰ বাদে, ইয়াৰ খুব সাংঘাতিক কোনো পাৰ্শ্বক্ৰিয়া নাই।
৪)হ’ৰমন থেৰাপীঃ- যিসকল স্তন কেঞ্চাৰৰ ৰোগীৰ কেঞ্চাৰ হ’ৰমন সংবেদনশীল হয়, তেনে ৰোগীক হ’ৰমন থেৰাপী দিয়া হয়। হ’ৰমন থেৰাপী টেবলেটৰ ৰূপত দিয়া হয়, আৰু ৫-১০ বছৰ পৰ্যন্ত দীৰ্ঘকালৰ বাবে এই থেৰাপী দিয়া যায়। পিছে এই থেৰাপীৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়া খুবেই কম আৰু সহজেই নিয়ন্ত্ৰণ কৰিব পৰা বিধৰ হয়।
চিকিৎসা বিজ্ঞান তথা চিকিৎসা-পদ্ধতিসমূহ দিনকদিনে উন্নত হৈ গৈ আছে। গতিকেই, ইয়াৰ সমান্তৰালকৈ স্তন কেঞ্চাৰৰ চিকিৎসা প্ৰক্ৰিয়াতো পূৰ্বৰ তুলনাত যথেষ্ট উন্নয়ন হৈছে, লগতে সহজো হৈছে। স্তন কেঞ্চাৰত আক্ৰান্ত হোৱা মানেই মৃত্যু আৱশ্যম্ভাৱী নহয়। লক্ষণসমূহে দেখা দিলে, অনতিপলমে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু পৰীক্ষণৰ লগতে চিকিৎসা প্ৰক্ৰিয়াৰ আৰম্ভ কৰক। স্তন কেঞ্চাৰৰ পিছতো স্বাভাৱিক জীৱন সম্ভৱ।
(লেখক ডা° বিক্ৰম কুমাৰ ডেকা এগৰাকী কেঞ্চাৰ ৰোগ বিশেষজ্ঞ আৰু ৰ’ব’টিক শল্য চিকিৎসক। তেওঁ দিল্লীৰ বি এল কে মেক্স হাস্পতালত কৰ্মৰত। লেখকৰ ফোন: ৯৫৬০৬৩০২০৫)