NORTHEAST NOW (Assamese)

কলকাতা ধৰ্ষণকাণ্ডঃ কলেজৰ অধ্যক্ষ, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জামিন মঞ্জুৰ, চিৎকাৰ কৰি উঠিল মাতৃয়ে

December 14, 2024 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

১৩ ডিচেম্বৰত আৰজি কৰ হাস্পতালৰ এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত আৰজি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজীত মণ্ডলক জামিন মঞ্জুৰ কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই আদালতৰ এই সিদ্ধান্ত লোৱা হৈছে। এই গোচৰত অভিজিৎ মণ্ডলৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নত পলম হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে সন্দীপ ঘোষৰ বিৰুদ্ধে প্ৰমাণৰ লগত খেলা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

মৃত চিকিৎসকজনৰ পিতৃ-মাতৃয়ে জামিন প্ৰদানক লৈ হতাশা প্ৰকাশ কৰে। তেওঁ কয় যে চিবিআইয়ে অতি সোনকালে অভিযুক্তক শাস্তি দিব বুলি আশা কৰিছিল যদিও জামিন লাভ কৰাৰ পাছত তেওঁ অনুভৱ কৰে যে ব্যৱস্থাটোৱে তেওঁলোকক ন্যায় প্ৰদান কৰা নাই। মৃত চিকিৎসকগৰাকীৰ মাতৃয়ে কয় যে তেওঁ প্ৰতিদিনে আশংকা কৰে যে হয়তো এইটো আন এক গোচৰ হব যত শক্তিশালী লোকসকলৰ শাস্তি নোহোৱাকৈয়ে থাকিব। একে সময়তে মৃত ডাক্তৰ গৰাকীৰ দেউতাকেও দুখ প্ৰকাশ কৰি জীয়েকৰ বাবে কেতিয়াবা ন্যায় পাব নেকি বুলি প্ৰশ্ন কৰে।

এই গোচৰত জামিন লাভ কৰাৰ পাছতো সন্দীপ ঘোষক জিম্মাত ৰখা হ, কিয়নো চিকিৎসালয়খনত আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰি আন এটা গোচৰত তেওঁক ন্যায়িক ৰিমাণ্ডত ৰখা হৈছে। একে সময়তে অভিজিত মণ্ডলক ন্যায়িক ৰিমাণ্ডত থকা সংশোধনী গৃহৰ পৰা মুকলি কৰি দিয়া হব। উল্লেখ্য যে, এই ঘটনাই সমগ্ৰ পশ্চিমবংগৰ লগতে দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল আৰু চিবিআইৰ তদন্তৰ ফলাফলক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

Related News