• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিডু টিকক পাহাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে পাটকাই পাহাৰৰ বনাঞ্চল; সৰৱ টাই আহোম ছাত্ৰ সন্থা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
March 31, 2023 12:35 pm
টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। ফটো: নৰ্থইষ্ট নাও।

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। ফটো: নৰ্থইষ্ট নাও।

150
VIEWS
Share on FacebookShare on Twitter

আগ্ৰাসনকাৰীৰ শেন চকু এইবাৰ অসমৰ বনাঞ্চলসমূহ। একাংশ আগ্ৰাসনকাৰীৰ বাবে অস্তিত্বৰ সংকটত পাটকাই পাহাৰ। বন দস্যুৰ কোপ দৃষ্টি পৰিছে পাটকাই পাহাৰৰ বনাঞ্চলত। এফালৰ পৰা কাটি তহিলং কৰি জ্বলাই দিছে পাহাৰৰ মুল্যৱান গছ-গছনি। ইয়াৰ পিছতো কিন্তু নীৰৱ নিৰ্বিকাৰ ৰাজ্যৰ বন বিভাগ।

ঐতিহাসিক পাটকাই পাহাৰৰ বুকুত বনদস্যুৰ আগ্ৰাসনৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ। বৃহস্পতিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ নেতৃত্বত এটা সজাতি দল দুষ্কৃতিকাৰীয়ে জ্বলাই তহিলং কৰা পাটকাই পাহাৰ পৰিদৰ্শন কৰে।

লগতে পঢ়ক: গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

এই পৰিদৰ্শন কালত টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ বিষয়ববীয়া আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই তেওঁক সহযোগিতা আগবঢ়ায়। টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা জনে মৌন বন বিভাগ তথা স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক পাটকাই পাহাৰত হোৱা আগ্ৰাসন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।

ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীক সাক্ষাৎ কৰি উক্ত ঘটনা সন্দৰ্ভত অৱগত কৰে।

আনহাতে, কিছুদিন পূৰ্বে টাই আহোম ছাত্ৰ সন্থাই লিডু-মাৰ্ঘেৰিটাত চলি থকা অবৈধ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে যি দৰে হুংকাৰ প্ৰদান কৰিছিল, পৰৱৰ্তী সময়ত সকলো বোৰ ফুটকাৰ ফেন হ’ল বুলিও চৰ্চা চলিছে। কেৱল মাত্ৰ ঢোৰা সাপৰ দৰে ফেট তোলাৰো অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: গণিতত ৫১, সমাজ বিজ্ঞানত ৮১! IPL-ৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট

বৃহস্পতিবাৰে মুহকুমাধিপতিক সাক্ষাতৰ পাছত মহকুমা প্ৰশাসন তথা টাই আহোম ছাত্ৰ সন্থাই অনাগত সময়ত কেনেধৰণৰ পদক্ষেপ লয় সেইয়া অৱশ্যে লক্ষণীয় হ’ব।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd