২৬ জানুৱাৰিৰ পূৰ্বে টাই আহোমক জনজাতিৰ মৰ্যাদা নিদিলে ২০২১ত উচিত প্ৰত্যুত্তৰ পাব : টাইপা

ফটো : নৰ্থ-ইষ্ট নাও

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে শিৱসাগৰত আজি টাই আহোম যুৱ পৰিষদে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থানে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবী জনায়।

টাইপাৰ কেইবা শতাধিক সদস্যই হাতত হেংদাং লৈ, বৰতাল বজাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ন’ এচটি ন’ ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, আমাক জনজাতিকৰণ লাগিবই আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজনৈতিক, ভূমি আৰু নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধাযুক্ত অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিকল্প নাই।

অসম বিধান সভাই টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে সৰ্বসন্মতিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতো আজিকোপতি বিষয়টো কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈ ৰোৱাতো ৰহস্যজনক আৰু অতি পৰিতাপৰ বিষয় বুলি তামুলীয়ে কয়।

তেওঁ কয়, ‘ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতন্ত্ৰ দেশতখনৰ প্ৰধান মন্ত্ৰীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত মিছা মতাটোৱে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিয়েই আস্থাহীনতাৰ পৰিৱেশ সৃষ্টি কৰে’।

আনহাতে টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই কয়, ‘অহা ২৬ জানুৱাৰীৰ পূৰ্বে যদি টাই আহোম সকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে টাইপাই অনাগত অসম বিধান সভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিব’।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা হৰেন ফুকন, উপদেষ্টা ননী কুমাৰ গগৈ, যুটীয়া সম্পাদক দিগন্তী তামুলী আৰু দীপজ্যোতি দুৱৰাকে ধৰি বহু নেতাই এই গণ অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।