NORTHEAST NOW (Assamese)

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

March 7, 2021 7:43 pm ·
Updated: March 7, 2021 7:46 pm

দেওবাৰে ছইফ আলী খানৰ ভগ্নী ছাবা আলি খানে ইনষ্টাগ্ৰামত ভতিজাক টাইমুৰ আলি খানৰ কেইবাখনো মৰমলগা ফটো প’ষ্ট কৰিছে।

অনুৰাগীসকলে টাইমুৰৰ ফটোকেইখন দেখি সুখী অনুভৱ কৰিছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

চাৰি বছৰীয়া টাইমূৰৰ স’তে এখন ফটোত মাক কৰিণা কাপুৰকো দেখা পোৱা গৈছে।

জিভা উলিয়াই কৰিণাই তোলা ছেল্ফীখনত টাইমূৰেও পাউট কৰি ধেমেলীয়া ভংগীমাত আছে।

ফটোখনৰ তলৰ কেপচনত ছাবাই মাক-পুতেক দুয়োকে স্নেহ জ্ঞাপন কৰিছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

আন এখন পুৰণি ফটোত টাইমুৰে দেউতাক ছঈফ আলী খানৰ স’তে দেখা গৈছে।

ফটোখনত নবাবী সাজত বাপেক-পুতেক দুয়োৱে সাৱটা-সাৱটি কৰি আছে।

ফটোখনৰ তলত ছাবাই লিখিছে যে নৱাবী সাজযোৰে বাপেক-পুতেকক ধুনীয়াকৈ খাপ খাইছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

ছাবাই প’ষ্ট কৰা আন এখন ফটোত টাইমুৰ অকলে আছে।

ফটোখনৰ তলত ছাবাই টাইমুৰক ‘মাই জান, লাভ ইউ’ বুলি স্নেহ জ্ঞাপন কৰিছে।

কৰিণা-ছঈফৰ সংসাৰৰ প্ৰথম সাক্ষী হিচাপে টাইমুৰ আলি খানৰ জন্ম হৈছিল ২০১৬ চনত।

শেহতীয়াকৈ ২১ ফেব্ৰুৱাৰীত তেওঁলোকৰ সংসাৰলৈ নতুন এটা সন্তান আহিছে।

এতিয়ালৈকে নৱজাত সন্তানৰ ফটো অথবা নাম ৰাজহুৱা কৰা হোৱা নাই।

Related News