সংসদৰ মজিয়াত গাহৰি মাংস, নাড়ী-ভুৰু নিক্ষেপেৰে অভিনৱ প্ৰতিবাদ বিৰোধী সাংসদৰ

Tiwan

এক অভিনৱ প্ৰতিবাদৰ সাক্ষী হৈ ৰ’ল এখন দেশৰ সংসদ।

বিৰোধী দলৰ সাংসদে দেশখনৰ সংসদৰ মজিয়াত অভিনৱ প্ৰতিবাদেৰে উত্তাল কৰাৰ পিছতে গোটেই বিশ্বতে চৰ্চা কৰিছে এই প্ৰতিবাদৰ পদ্ধতিয়ে।

সংসদৰ মজিয়াত কৰা এই অভিনৱ প্ৰতিবাদৰ বাবে বিশ্বৰ সংবাদ মাধ্যমৰ চৰ্চালৈ অহা দেশখন হ’ল এছিয়া মহাদেশৰ দ্বীপৰাষ্ট্ৰ টাইৱান।

টাইৱান বিৰোধী দলৰ সাংসদসকলে যোৱা শুকুৰবাৰে সংসদৰ কাৰ্যসূচী চলি থকাৰ সময়তে সংসদৰ মজিয়াত গাহৰি মাংস আৰু নাড়ী-ভুৰু দলিয়াই এক অভিনৱ প্ৰতিবাদ সাৱস্ত্য কৰে।

দ্বীপৰাষ্ট্ৰখনৰ চৰকাৰে আমেৰিকাৰ পৰা গাহৰি আমদানি কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী কৰি বিৰোধী কৌমিনটাং(KMT) দলৰ সাংসদসকলে সংসদৰ মজিয়াত এই প্ৰতিবাদ সাৱ্যস্ত কৰে।

স্বায়ত্ত শাসিত দ্বীপ ৰাষ্ট্ৰখনৰ সংবাদ সংস্থাৰ মতে টাইৱানৰ শাসকীয় দল ডেম’ক্ৰেটিক প্ৰ’গ্ৰেছিভ পাৰ্টি(DPP)ৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰী চু ছেং-চাঙে সংসদত বক্তব্য ৰাখিবলৈ লোৱাৰ সময়তে বিৰোধী সদস্যসকলে গাহৰিৰ মাংস আৰু নাড়ী-ভুৰু সংসদৰ মজিয়ালৈ নিক্ষেপ কৰি প্ৰতিবাদ কৰিবলৈ ধৰে।

উল্লেখ্যে যে দ্বীপ ৰাষ্ট্ৰখনৰ চৰকাৰে আমেৰিকাৰ পৰা গাহৰি আৰু গো-মাংস আমদানি কৰিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে দ্বীপ ৰাষ্ট্ৰখনৰ বিৰোধী দল কোমিনটাং দলৰ লগতে নাগৰিকে।

উল্লেখ্য যে, টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে চীন আৰু ইউৰোপীয় ইউনিয়নে খাদ্যৰ ফলত সৃষ্ট ৰ’ক্টোপামিনযুক্ত জন্তুৰ মাংস নিষিদ্ধ কৰাৰ সময়ত আমেৰিকাক দ্বীপৰাষ্ট্ৰখনলৈ গাহৰি আৰু গো-মাংস ৰপ্তানি কৰিবলৈ অনুমতি দিয়াৰ পিছতে বিতৰ্কৰ সূত্ৰপাত ঘটি প্ৰতিবাদ আৰম্ভ হৈছে টাইৱানত।

ইফালে DPP দলৰ প্ৰধান ছাই-এ যোৱা আগষ্ট মাহতে ২০২১ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা দেশখনে আমেৰিকাৰ পৰা গাহৰি মাংস আমদানি কৰিব বুলি ঘোষণা কৰিছিল।