চীন কোন নিচিনে টাইৱানে; হাতত আমেৰিকাৰ FGM 148 এণ্টি টেংক গাইডেড মিছাইল! মাতে কোনে?

চীনক ভয় দেখুৱাই উপযুক্ত প্ৰত্যুত্তৰ দিবলৈও সাজু টাইৱান। শেহতীয়াকৈ চীনে টাইৱানক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ বহু ঘটনা দেখা গৈছে। যোৱা বছৰ টাইৱান ভ্ৰমণ কৰিছিল আমেৰিকাৰ প্ৰতিনিধি নেন্সি পেলোছিয়ে। তেতিয়াও চীন ক্ষুব্ধ হৈ পৰিছিল। শেহতীয়াকৈ টাইৱানৰ ৰাষ্ট্ৰপতিৰ আমেৰিকা ভ্ৰমণক লৈও ক্ষুব্ধ হৈ পৰিছে চীন।

কিন্তু চীনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ পিছত এতিয়া টাইৱানে আমেৰিকাত নিৰ্মিত এফ জি এম ১৪৮ এণ্টি টেংক গাইডেড মিছাইলৰ বাবে অপেক্ষা কৰি আছে। এই  এন্টি-টেংক ক্ষেপণাস্ত্ৰই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ৰাছিয়াৰ সেনাক প্ৰত্যাঘাত কৰিছিল। এতিয়া এই অস্ত্ৰৰে টাইৱানে চীনক শিকনি দিব বিচাৰিছে।

লগতে পঢ়ক: আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

টাইৱানৰ পৰিকল্পনা এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সজ্জিত বাহন আৰু বিশেষ সৈন্য কঢ়িয়াই নিয়া জাহাজক লক্ষ্য কৰি লোৱা। ২০২২ চনৰ আগষ্ট মাহৰ পৰা চীন আৰু টাইৱানৰ মাজত উত্তেজনা অব্যাহত আছে।

শেহতীয়াকৈ টাইৱানৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ স্পীকাৰগৰাকীৰ সৈতে সাক্ষাৎ কৰি চীনক ক্ষুব্ধ কৰি তুলিছিল। ইয়াৰ পূৰ্বে চীনে টাইৱানক সকীয়াই দিছিল যে যদি তেওঁলোকে আমেৰিকা ভ্ৰমণ কৰি বৈঠকত মিলিত হয় তেন্তে ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। চীনে টাইৱানৰ আশে-পাশে নিজৰ তিনিখন যুদ্ধ জাহাজ মোতায়েন কৰিছে।

ইফালে, টাইৱানৰ সংবাদ মাধ্যমত এই অস্ত্ৰৰ সবিশেষ তথ্য দিছে সামৰিক সূত্ৰই। ২০২২ চনৰ এপ্ৰিল মাহলৈকে টাইৱানত এনেধৰণৰ প্ৰায় ১০০০টা ক্ষেপণাস্ত্ৰ আছে আৰু আমেৰিকাৰ পৰা আৰু ৪০০টা ক্ষেপণাস্ত্ৰ সৰবৰাহৰ বাবে অপেক্ষা কৰি আছে। অনুমান কৰা হৈছে যে চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধ আৰু ২০২৪ চনৰ আৰম্ভণিতে ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব। ২০২২ চনৰ শেষলৈকে টাইৱানৰ সেনাই লাভ কৰিছে ৪২টা লঞ্চাৰ।

লগতে পঢ়ক: ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া অনুমোদন অনুসৰি ২০১৯ চনত এই অস্ত্ৰসমূহ বিক্ৰী কৰা হয়। এই অনুমোদনত টাইৱানলৈ Tor 2B-RF ওয়াৰ গাইডেড ক্ষেপণাস্ত্ৰৰ ১৭০০ ইউনিট অন্তৰ্ভুক্ত কৰা হৈছে। জেভেলিনৰ ৱাৰহেডে আধুনিক টেংকবোৰক ওপৰৰ পৰা আক্ৰমণ কৰে। টেংকৰ ওপৰত থকা সুৰক্ষা কভাৰটো অতি দুৰ্বল। ইয়াক ‘Top Attack’ mode বুলি কোৱা হয়।

এই জেভেলিন মিছাইলৰ সহায়ত অট্টালিকা আৰু অন্যান্য লক্ষ্যও চিনাক্ত কৰিব পাৰি। ইয়াৰ ৰেঞ্জ ২.৫ কিলোমিটাৰ আৰু টপ-এটেক মোডত সৰ্বোচ্চ উচ্চতা ১৫০ মিটাৰ (৪৯০ ফুট) বা ডাইৰেক্ট ফায়াৰ মোডত ৬০ মিটাৰ ওপৰলৈ যাব পাৰে। ইয়াৰ উপৰিও ইয়াত নিখুঁত আঘাতৰ বাবে ইনফ্ৰাৰেড চিকাৰও আছে।

লগতে পঢ়ক: ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ

যুদ্ধত ইউক্ৰেইনৰ ৩৬ নং মেৰিন ইনফেন্ট্ৰি ব্ৰিগেডে ডনেটস্ক অঞ্চলত এই এণ্টি টেংক গাইডেড মিছাইলৰ সহায়ত দুখন ৰাছিয়ান টেংক আৰু এখন পদাতিক যুদ্ধ বাহনকে ধৰি তিনিখন সজ্জিত বাহন বিস্ফোৰণ ঘটাই বিধ্বস্ত কৰে।