গুৱাহাটীৰ তাজ ভিভাণ্টাত ধৰ্মীয় বিদ্বেষৰ বলি হ’ল ৩জন যুৱক; বৰাকত প্ৰতিক্ৰিয়া

taj-vivanta-750x375

মুছলমান সম্প্ৰদায়ৰ হোৱাৰ কাৰণতে গুৱাহাটী মহানগৰীস্থিত পঞ্চযুক্ত তাৰকা হোটেল তাজ ভিভাণ্টালৈ অহা তিনিজন যুৱক ধৰ্মীয় বিদ্বেষৰ বলি হোৱাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকাৰ সন্দেহত নিৰ্যাতনৰ সন্মুখীন হ’ব লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য বৰাকৰ বদৰপুৰৰ পৰা অহা ইমৰান হুছেইন, জাহিদ ইছলাম বৰভূঞা আৰু চাহাবুদ্দিন নামৰ যুৱক তিনিজনে দেওবাৰে তাজ ভিভাণ্টাত আশ্ৰয় লোৱাৰ উদ্দেশ্যে হোটেলখনৰ এটা কোঠা বুক কৰিছিল। পিছত তেওঁলোকে ৩জন হোৱা হেতুকে অতিৰিক্ত ২,০০০ টকাৰ বাবদ হোটেল কৰ্তৃপক্ষক এখন অতিৰিক্ত বিছনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

কেইবাঘণ্টা পাৰ হৈ যোৱাৰ পিছতো হোটেল কৰ্তৃপক্ষই তেওঁলোকক অতিৰিক্ত বিছনাৰ ব্যৱস্থা নকৰাত যুৱক ৩জনে হোটেলখনৰ ছুইমিং পুলৰ ফালে ওলাই যায় কিন্তু ছুইমিং পুলত নামিব বিচৰাত কৰ্তৃপক্ষই তেওঁলোকক বাধা দিয়ে। ইয়াকে লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

পৰৱৰ্তি সময়ত যুৱক কেইগৰাকীয়ে হোটেলত অনুষ্ঠিত মুখ্য মন্ত্ৰী সোণোৱালৰ এক অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকৰ এটা দলক এই কথা অৱগত কৰাত হোটেল কৰ্তৃপক্ষ খৰ্গগ্ৰস্ত হৈ ৩ গৰাকীকে জোৰ কৰি তেওঁলোকৰ কোঠালৈ নি বাহিৰৰ পৰা দুৱাৰৰ হুক লগাই আবদ্ধ কৰি আৰক্ষীৰ হতোৱাই তেওঁলোকৰ উপৰত জেৰা চলায়।

পিছত আনকি চোৰাংচোৱাকো বিষয়টো অৱগত কৰি তেওঁলোকৰ ওপৰত অধিক জেৰা চলোৱা হয়। জানিব পৰা মতে চোৰাংচোৱা বিভাগে তেওঁলোকৰ ফে’চবুক আৰু হোৱাটছএপ একাউণ্টো পৰীক্ষা কৰে। অৱশ্যে চোৰাংচোৱাৰ দলে তেওঁলোকৰ বিৰুদ্ধে কোনো আপত্তিজনক তথ্য লাভ নকৰাত তেওঁলোকক তদন্তত সহযোগ কৰাৰ বাবে ধন্যবাদ জনাই তাৰ পৰা বিদায় লয়।

কিন্তু ইয়াতে ক্ষান্ত নাথাকি ইয়াৰ পিছতো হোটেল কৰ্তৃপক্ষই মাজনিশা যুৱককেইগৰাকীক হোটেল এৰিবলৈ বাধ্য কৰায়। যাৰ ফলত তাজ ভিভাণ্টাৰ পৰা ওলাই আহি মাজৰাতি তেওঁলোকে অন্য হোটেলত নিশাটো পাৰ কৰিবলৈ বাধ্য হয়।

ইতিমধ্যে ছচিয়েল মেডিয়াৰ যোগে ঘটনাটো প্ৰচাৰ হৈ যোৱাৰ ফলত সমগ্ৰ বৰাক উপত্যকাতে ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য ৩ গৰাকী যুৱকৰ মাজৰ ইমৰান হুছেইন সেনাৰ মেডিকেল ক’ৰ্পছৰ বিষয়া বুলি জানিব পৰা গৈছে।