NORTHEAST NOW (Assamese)

পুনৰ ঘুৰি আহিছে তালিবানী শাসন! নতুন ফতোৱা জাৰি; ‘দাসী’ বিচাৰি ধৰ্মীয় নেতাক নিৰ্দেশ

July 17, 2021 1:49 pm · এন ই নাও নিউজ

যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ বহু অঞ্চল সম্প্ৰতি তালিবানৰ নিয়ন্ত্ৰণত। দেশখনৰ অধিকাংশ অঞ্চল দখল কৰাৰ লক্ষ্যৰে চলি আছে যুদ্ধ। ইয়াৰ মাজতে নতুন ফতোৱা জাৰি কৰিছে তালিবানী সংগঠনে।

দেশখনৰ ১৫বছৰৰ উৰ্ধৰ ছোৱালী আৰু ৪৫বছৰৰ তলৰ যিসকল বিধৱা মহিলা আছে তেওঁলোকৰ নামৰ তালিকা শীঘ্ৰে তালিবানৰ হাতত তুলি দিয়াৰ নিৰ্দেশ দিছে আফগান ধৰ্মীয় নেতাসকলক।

বাতৰি অনুসৰি, সেই মহিলাসকলৰ সৈতে তালিবানৰ সদস্যৰ বিয়া পতাৰ কথা কোৱা হৈছে। শীঘ্ৰেই তালিবানী যোদ্ধাসকলৰ সৈতে তেওঁলোকৰ বিয়া পতাই দিয়া হ’ব।

বিয়াৰ পাছত এই ছোৱালী আৰু মহিলাসকলক পাকিস্তানৰ ৱাজিৰিস্তানলৈ লৈ যোৱা হ’ব। তাত ইছলাম ধৰ্মত দীক্ষিত হোৱাৰ পাছত তেওঁলোকে হৃত গৌৰৱ ঘুৰাই পাব বুলি তালিবানে দাবী কৰিছে।

আমেৰিকা তথা নাটোৰ সেনা বাহিনী প্ৰত্যাহাৰৰ পাছতে তালিবানে আফগানিস্তান দখল কৰাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে বহুকেইটা অঞ্চলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে।

কিছুদিন পূৰ্বে দেশখনৰ উত্তৰে এটা ভিতৰুৱা অঞ্চল নিজৰ দখললৈ নিয়াৰ পাছত প্ৰথম ফতোৱা জাৰি কৰিছিল তালিবানীয়ে। স্থানীয় ইমামক পত্ৰৰ দ্বাৰা কেইবাটিও নিৰ্দেশ দিছিল।

বাতৰি অনুসৰি, সেই নিৰ্দেশত কোৱা হৈছিল যে পুৰুষ সংগী অবিহনে কোনো মহিলা বজাৰলৈও যাব নোৱাৰিব। পুৰুষসকলৰ দাড়ি কটাও বন্ধ কৰাৰ কথা কোৱা হৈছিল।

Related News