শ্বুটিং ফ্ল’ৰতে প্ৰেম, হিয়া-দিয়া-নিয়া; বিয়াৰ কথাও চলিছিল! কিন্তু কিয় বিচ্ছেদৰ পথত বিজয়-তামান্না?
বলীউদৰ অন্যমত চৰ্চিত যুটী অভিনেত্ৰী তামান্না ভাটিয়া আৰু অভিনেতা বিজয় বাৰ্মা। ‘লাষ্ট ষ্ট’ৰীজ ২’ত প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰা দেখা যায় বিজয় আৰু তামান্নাক। সেই সময়ত তেওঁলোকৰ ৰসায়নে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই ছিৰিজৰ শ্বুটিং চেটতে দুয়োৰ প্ৰেমত পৰিছিল। যদিও দুয়োৰে কোনোৱেই কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা নাই।
মাজে মাজে মুম্বাইৰ ৰাজপথত, শ্বপিং মলৰ বাহিৰত, বা চিনেমা হলত এই যুটীক একেলগে দেখা যায়। আনকি বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰতো দুয়ো পাপাৰাজীৰ সন্মুখীন হয়।
এই পৰ্যন্ত বহু অনুষ্ঠানত তেওঁলোকে হাঁহিমুখে একেলগে ধৰা দিছে। এতিয়া খবৰ পোৱা গৈছে যে তেওঁলোকে বিচ্ছেদৰ দিশে আগবাঢ়িছে।
এই জল্পনা-কল্পনা এতিয়া শিখৰত উপনীত হৈছে। বলীউদৰ ভিতৰৰ খবৰ অনুসৰি কিছু সপ্তাহ পূৰ্বে বিজয় আৰু তামান্নাৰ মাজত বিচ্ছেদ ঘটিছে।
মুম্বাইৰ সংবাদ মাধ্যমক এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, “তামান্না আৰু বিজয়ে কেইসপ্তাহমানৰ আগতে এই সিদ্ধান্ত লৈছিল। অৱশ্যে তেওঁলোক ভাল বন্ধু হৈয়ে থাকিব। দুয়োজনে নিজৰ কামত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছে আৰু কঠোৰ পৰিশ্ৰম কৰি আছে।”
অৱশ্যে বলীউদত চলি থকা আলোচনা সত্ত্বেও বিজয় আৰু তামন্নাই তেওঁলোকৰ সম্পৰ্কক লৈ এতিয়াও মুখ বন্ধ ৰাখিছে।