শ্বুটিং চলি থকাৰ মাজতে অসুস্থ হৈ পৰিল তামান্না ভাটিয়া; পৰীক্ষাত ধৰা পৰিল কৰ’না পজিটিভ

WhatsApp Image 2020-10-05 at 7.51.00 AM

তামান্না ভাটিয়া।

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে অভিনেত্ৰী তামান্না ভাটিয়া। হায়দৰাবাদত এখন ছবিৰ শ্বুটি চলি থকাৰ সময়তে কৰ’নাৰ কিছু লক্ষণ দেখা দিয়ে।

ইয়াৰ পাছত অধিক অসুস্থ হৈ পৰাত তেওঁক হায়দৰাবাদৰ এখন হাস্পাতলত ভৰ্তি কৰা হয়।

বৰ্তমান অভিনেত্ৰীগৰাকী চিকিৎসকৰ পৰামৰ্শ মতে কোভিডৰ চিকিৎসা গ্ৰহণ কৰি আছে।

যোৱা আগষ্ট মাহত তামান্নাই কৰ’নাৰ পৰীক্ষা কৰাইছিল যদিও তেতিয়া ৰিপ’ৰ্ট নিগেটিভ আহিছিল। সেই সময়ত তেওঁৰ পিতৃ-মাতৃৰ কৰ’না পজিটিভ আহিছিল।

সেইসময়ত তামান্নাই লিখিছিলঃ ‘’মোৰ পিতৃ-মাতৃৰ সাধাৰণ কিছু লক্ষণ দেখা দিছিল। সেয়ে, সতৰ্কতা অৱলম্বন কৰি প্ৰত্যেকেই ঘৰৰ ভিতৰতে থকাৰ লগতে পৰীক্ষাও কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে মোৰ পিতৃ-মাতৃৰ ৰিপ’ৰ্ট পজিটিভ আহে।‘’

অভিনেত্ৰীগৰাকীয়ে তেতিয়া লগতে লিখিছিল যে তেওঁলোকে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে। তেওঁৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰ প্ৰত্যেকৰে ৰিপ’ৰ্ট নিগেটিভ আহিছে।

ইয়াৰ কিছুদিন পাছতে তামান্নাৰ পিতৃ-মাতৃ সুস্থ হৈ উঠে। কিন্তু এইবাৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ল অভিনেত্ৰী তামান্না নিজেই।

উল্লেখ্য যে মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াই ‘এন্টাৰটেইনমেন্ট’, ‘হিম্মতৱালা’, ‘বাহুৱলী’, ‘হামচকল’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে।

তামান্নাৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে ‘বজলে চুড়িয়া’।