NORTHEAST NOW (Assamese)

আদালত অৱমাননা কৰি উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ সন্মুখীন তামিলনাডুৰ ৰাজ্যপাল

March 22, 2024 3:18 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দেশৰ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰৰ সন্মুখীন হৈছে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি। ৰাজ্যপালৰ কাণ্ড-কাৰখানাত ক্ষোভ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে তামিলনাডু চৰকাৰত মন্ত্ৰী নিযুক্তি সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। তামিলনাডু ডি এম কে চৰকাৰে অভিযোগ উত্থাপন কৰিছে যে ৰাজ্যপাল আৰ এন ৰবিয়ে কে পানমুডীক পুনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাত সহযোগ কৰা নাই।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয়, “ৰাজ্যপালে মনত ৰখা উচিত যে তেওঁ এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী। তেওঁ সংসদীয় গণতন্ত্ৰ অনুসৰি সকলো নিয়ম মানি চলিব লাগিব। কোনো ব্যক্তি বা মন্ত্ৰীৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বেলেগ হ’ব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ সাংবিধানিক কৰ্তব্যক আওকাণ কৰিব। যেতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে সেই ব্যক্তিজনক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়, তেতিয়া ৰাজ্যপালে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে”।

তেওঁ আৰু কয়, “তামিলনাডুৰ ৰাজ্যপালৰ বিৰুদ্ধে আদালত অৱমাননা আছে। তেওঁ যদি আদালতৰ নিৰ্দেশ মানি নচলে আমি কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ম। তামিলনাডুৰ ৰাজ্যপালৰ কাৰ্য আৰু আচৰণ দেখি আমি সঁচাকৈয়ে আচৰিত হৈছো। যদি সমস্যা হয়, কাইলৈৰ ভিতৰত সমাধান নহ’ব, ৰাজ্যপালক সংবিধান অনুসৰি কাম কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।”

Related News