ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল শিক্ষক

Tamil Nadu: Govt School Teacher Brutally Thrashes Class 12 Student For ‘Skipping Lecture’

অসমৰ ফিল’বাৰীৰ শিক্ষয়ত্ৰীক অপমানৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাই থকাৰ মাজতে এজন শিক্ষকৰ নিৰ্দয়তাই বাতৰিৰ শিৰোনাম দখল কৰিছে।

অৱশ্যে এই ঘটনাৰ কেন্দ্ৰস্থল অসম নহয়, তামিলনাডুত সংঘটিত হৈছে এই বিক্ষিপ্ত ঘটনা।

তামিলনাডুৰ এগৰাকী শ্ৰেণী শিক্ষকে এজন শিক্ষাৰ্থীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ।

ভিডিঅ’টোত দেখা গৈছে যে শিক্ষকগৰাকীয়ে ছাত্ৰজনক আঁঠু কঢ়োৱাৰ লগতে এডাল বেতেৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি ছাত্ৰজনক চুলিত ধৰি টনা–আঁজোৰা কৰে আৰু লঠিয়ায়।

শিক্ষকগৰাকীৰ এই কাণ্ড শ্ৰেণীকোঠাটোৰ ভিতৰত থকা এগৰাকী ছাত্ৰই ফোনত ৰেকৰ্ড কৰিছিল। পিছত ভিডিঅ’টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন।

জানিব পৰা মতে, শিক্ষকগৰাকীৰ নাম এম সুব্ৰমণিয়ম আৰু এনে নিগ্ৰহৰ সন্মুখীন হোৱা ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত।

ছাত্ৰজন শ্ৰেণী শ্ৰেণীকোঠাত উপস্থিত নথকাক লৈ সোধা–পোছা কৰাৰ সময়ত এইদৰে প্ৰহাৰ কৰে শিক্ষকজনে। স্কুলৰ অধ্যক্ষই জনোৱা মতে, ৮ গৰাকী ছাত্ৰই প্ৰথমটো ক্লাছ কৰে যদিও ইয়াৰ পিছৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীত উপস্থিত নাছিল।

তেওঁলোক আটায়ে স্কুলৰ দ্বিতীয় মহলাত বহি থকা দেখা পাই ততালিকে ক্লাছলৈ আহিবলৈ কোৱা হয়। আনহাতে যিগৰাকী ছাত্ৰক প্ৰহাৰ কৰা হৈছিল তেওঁ পদাৰ্থ বিজ্ঞানৰ নোটবুক আনিবলৈ পাহৰি যোৱা বুলি উল্লেখ কৰি শিক্ষকগৰাকীৰ অনুমতি লৈ নোটবুক আনিবলৈ গৈছিল যদিও বাহিৰত অন্য ছাত্ৰৰ লগত বহি কথা পাতি আছিল।

ইয়াতে ক্ষুণ্ণ হৈ ছাত্ৰগৰাকীক মিছা মাতি ক্লাছ নকৰাৰ বাবে এইদৰে প্ৰহাৰ কৰে। কিন্তু ভিডিঅ’টোত শিক্ষকগৰাকীৰ নিষ্ঠুৰতাই সকলো সীমা পাৰ কৰা দেখা গৈছিল।

শিক্ষকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নিলম্বন কৰা হৈছে শিক্ষকগৰাকীক।