এইখন ৰাজ্যত মহিলা আৰু অনা-ব্ৰাহ্মণ লোককো মন্দিৰৰ পুৰোহিত নিযুক্তি দিব চৰকাৰে, ক’ত?

kkkkk1122

তামিলনাডুৰ হাজাৰ হাজাৰ মন্দিৰত চৰকাৰে পুৰোহিত হিচাবে নিযুক্তি দিব হিন্দু সম্প্ৰদায়ৰ যিকোনো লোককে।

তেনে লোক ব্ৰাহ্মণ নহ’লেও কোনো কথা নাই।সেৱল সেয়াই নহয়, মন্দিৰৰ পুৰোহিত হিচাবে ৰাজ১ খনত চৰকাৰে মহিলাকো নিযুক্ত কৰিব।

তামিলনাডুৰ হিন্দু ৰিলিজিয়াছ এণ্ড চেৰিটেবল এণ্ডমেণ্ট দপ্তৰৰ মন্ত্ৰী পিকে ছেকৰবাবুৱে প্ৰকাশ কৰা মতে তামিলনাডুৰ প্ৰায় ৩৬ হাজাৰ মন্দিৰত হিন্দু সম্প্ৰদায়ৰ যিকোনো লোককে পুৰোহিত হিচাবে নিযুক্তি দিয়া হ’ব।

একেদৰে মহিলাসকলকো পূজা-পাঠৰ প্ৰশিক্ষণ দি পুৰোহিত হিচাবে নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে ডিএমকে চৰকাৰৰ ১০০ দিন পূৰ্তিৰ পূৰ্বেই এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব।

ইপিনে তামিলনাডু চৰকাৰৰ এনে সিদ্ধান্তই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্য খনত।বিশেষকৈ মনদিৰত মহিলাক পুৰোহিত হিচাবে নিযুক্তি দিব বিচৰাৰ কথাটোক বহুতে সহজ ভাবে ল’ব পৰা নাই।

কাৰণ পুৰোহিততো বাদেই, তামিলনাডুৰ বহু মন্দিৰত মহিলাৰ প্ৰৱেশেই নিষিদ্ধ।আনহাতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে লিংগ বৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা সমাজকৰ্মীসকলে।

তামিল পে মনিয়াৰাছন নামৰ সংস্থাটোৰ সভাপতি তামিল ডেছা পধুদামাই কাছিয়ে এই প্ৰসংগত কয় যে ৰাজ্য খনৰ মন্দিৰত অনা-ব্ৰাহ্মণ পুৰোহিত নিযুক্তি দিয়াৰ পৰম্পৰা পেৰিয়াৰ ইভি ৰামস্বামীয়ে তাহানিতেই আৰম্ভ কৰিছিল।

১৯৭১ চনত তামিলনাডুৰ চৰকাৰে আইনৰ সংশোধন ঘটাই পুৰোহিত নিযুক্তিৰ ক্ষেত্ৰত বংশানুক্ৰমিক পৰম্পৰাৰ অৱসান ঘটাইছিল আৰু অনা-ব্ৰাহ্মণ লোককো পুৰোহিত হিচাবে নিযুক্তি দিয়াৰ পথ প্ৰশস্ত কৰিছিল।

আইন খনৰ বিৰুদ্ধে বহুতে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

২০০৬ চনত ডিএমকে চৰকাৰে মন্দিৰত অনা-ব্ৰাহ্মণ লোকক পুৰোহিত হিচাবে নিযুক্তি দিয়াৰ এক নিৰ্দেশনা জাৰি কৰিছিল।চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে শিৱাচাৰিয়াৰগাল নালা সংগমৰ লগতে আন বহু সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল।

২০১৫ চনত উচ্চতম ন্যায়ালয়ে ডিএমকে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি মন্দিৰত অনা-ব্ৰাহ্মণ পুৰোহিত নিযুক্তি দিয়াত বাধা নাই বুলি কৈছিল।

কিন্তু বিষয়টোকলৈ প্ৰতিবাদ চলিয়েই থাকিল। এতিয়া চৰকাৰে পুনৰ তেনে সিদ্ধান্ত লোৱাত তামিলনাডু আকৌ এবাৰ প্ৰতিবাদমুখৰ হৈ পৰাৰ আশংকাই দেখা দিছে।