মিঞা এটা জনগোষ্ঠী হ’ব নোৱাৰে,খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰে কোনো সম্পৰ্কই নাইঃ টংকেশ্বৰ ৰাভা

মিঞা মিউজিয়ামৰ গৰম বতাহ এতিয়াও ৰাজ্যত বলিয়ে আছে ৷ মিঞা মিউজিয়াম সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাভা হাছঙৰ মুৰব্বী টংকেশ্বৰ ৰাভাই। গোৱালপাৰা পূৱৰ বিধায়ক এ,কে ৰছিদ আলমকো প্ৰত্যাহ্বান জনালে টংকেশ্বৰ ৰাভাই৷

গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়ামত প্ৰশাসনে তলা ওলমালে যদিও এতিয়াও শাম কটা নাই এই মিঞা মিউজিয়াম প্ৰসংগ। এইবাৰ মিউজিয়াম সম্পৰ্কে টংকেশ্বৰ ৰাভাই ক’লে- “মিঞা এটা জনগোষ্ঠী হ’ব নোৱাৰে,খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰে কোনো সম্পৰ্কই নাই মিঞাৰ সৈতে ৷

মিঞা মিউজিয়াম কেতিয়াও সমৰ্থন যোগ্য নহয়, গ্ৰহনযোগ্য নহয়, যদিওবা এই মিউজিয়াম চৰকাৰে বন্ধ কৰিছে, কিন্তু অসমৰ কোনো জিলাতেই যাতে এনেধৰণৰ মিউজিয়াম সাজিব নোৱাৰে তাৰ বাবে চৰকাৰ সজাগ হৈ থাকিব লাগিব ৷ দেশী, গৰিয়া, মৰিয়া সকলে নিজৰ পৰিচয় দাঙি ধৰক। যি শক্তিয়ে বহিঃ শক্তিৰ দ্বাৰা পৰিচিত হৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে তাৰ উদাহৰণ হৈছে এই মিঞা মিউজিয়াম ৷”

টংকেশ্বৰ ৰাভাই গোৱালপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছী বিধায়ক একে ৰছিদ আলমকো প্ৰত্যাহ্বান জনাই কয়- “ মই এইকেইদিন দেখি আছোঁ, বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ উত্তেজক মন্তব্য কৰি আছে। সেয়া গৰিহনাৰ যোগ্য আৰু তেওঁ প্ৰথমে পৰিচয় দিয়ক যে, তেওঁ কি ? তেওঁ দেশী? নে গৰিয়া? নে মৰিয়া? নে মিঞা?