NORTHEAST NOW (Assamese)

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

May 20, 2025 6:20 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 20, 2025 6:04 pm

চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে আইপিএছ তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

তেওঁৰ কাৰ্যকাল ২০২৫ চনৰ ৩০ জুন তাৰিখত অন্ত পৰিবলগা আছিল যদিও  তেওঁৰ সেৱাৰ সময়সীমা আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে।

সৰ্বভাৰতীয় সেৱা (মৃত্যু-সহ-অৱসৰৰ সুবিধা নীতি, ১৯৫৮ৰ মৌলিক নিয়ম ৫৬(ঘ) আৰু ১৬(১ক)ৰ নীতি শিথিল কৰি এই কাৰ্যকাল বৃদ্ধিৰ অনুমতি প্ৰদান কৰা হৈছে।

হিমাচল প্ৰদেশ কেডাৰ, ১৯৮৮ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকাই প্ৰথমে ২০২২ চনৰ জুলাই মাহত আই বি সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল।

ইফালে অসম চৰকাৰে আনুষ্ঠানিকভাৱে হৰমীত সিঙক অসম আৰক্ষী সঞ্চালক প্ৰধান হিচাপে স্থায়ী নিযুক্তি দিছে। উল্লেখ্য যে পূৰ্বে হৰমিত সিঙে ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল, লগতে অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান আৰু হোম গাৰ্ডৰ কমাণ্ডেণ্ট জেনেৰেলকে ধৰি জটিল বিভাগসমূহো পৰিচালনা কৰিছিল।

Related News