NORTHEAST NOW (Assamese)

চামগুৰিৰ নিৰ্বাচনী সভাত বিজেপিক কঠোৰ সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

April 1, 2019 8:02 pm · ভাৰ্গব হাজৰিকা
Updated: April 1, 2019 8:14 pm
চামগুৰিত নিৰ্বাচনী সভাত তৰুণ গগৈ

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে কলিয়াবৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ভেলেউগুৰিত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

গগৈয়ে নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে মিছা প্ৰতিশ্ৰুতি দি আহিছে বুলি সমালোচনা কৰে। এইবাৰ মোদীয়ে নিৰ্বাচনৰ সময়ত চকীদাৰৰ ভাওঁ দিছে কিন্তু আমাক চকীদাৰ নালাগে কাৰণ এইখন চোৰৰ দেশ নহয় বুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে, সোণোৱালে ব্ৰহ্মপুত্ৰ আৰু বৰাক খন্দাৰ কথা কৈছিল কিন্তু এতিয়ালৈ তেওঁ সেই কাম কিয় আৰম্ভ কৰিবলৈ নোৱাৰিলে বুলি প্ৰশ্ন কৰে। বৰ্তমান বিজেপি ধ্বংসৰ গৰাহত পৰিছে আৰু সেই ধ্বংসৰ মূল পূজাৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। এইদৰে বিজেপিক সমালোচনা কৰে গগৈয়ে।

তৰুণ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ গাত তেজ নাই তেওঁ এনিমিয়াত ভুগিছে বুলি কয়।

বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত তৰুণ গগৈৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অংশ গ্ৰহণ কৰে।

সভাত ভাষণ দি গৌৰৱ গগৈয়ে বিজেপি দল ধনীৰ দল কিন্তু কংগ্ৰেছ ৰাইজৰ দল বুলি কয়। বিগত কাৰ্য্যকালত কলিয়াবৰ লোকসভা সমষ্টিত যিমান কাম কৰা হৈছে তাতকৈও অধিক কাম পুনৰ বাৰ সাংসদ হ’লে ৰাইজৰ বাবে কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে গৌৰৱে।

আনহাতে, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দুখীয়া লোকসকলৰ বাবে ঐতিহাসিক ন্যায়ৰ আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ দ্বাৰা প্ৰতিবছৰে দুখীয়া পৰিয়ালে ৭২ হাজাৰ টকাকৈ লাভ কৰিব বুলি কয় কংগ্ৰেছ প্ৰাৰ্থীজনে।

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে একমাত্ৰ মন্ত্ৰিত্বৰ লোভত অগপই বিজেপিৰ লগত মিত্ৰতা কৰিছে।

Related News