• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ৰত্নাকৰ বিজেপিত গৈ হ’ল বাল্মিকী : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2018 6:52 pm
IndiaTv4bdaba_tarungogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ একালৰ নয়নৰ মণি হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাৰ পাছতে ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিজেপিলৈ যোৱাৰ পাছৰে পৰা একালৰ গগৈৰ মন্ত্ৰীসভাৰ অন্যতম দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুযোগ পালেই প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা যায়। একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ো থমকি নাথাকি শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে।

বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ শাসনৰ কালচোৱাত আলফা নোহোৱা হৈ আছিল নেকি বুলি প্ৰশ্ন কৰাৰ লগতে ভূৱা আলফা গ্ৰেপ্তাৰ কৰা বাবে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে বুলিও মন্তব্য কৰিছিল।

মন কৰিবলগীয়া কথা যে, বিজেপিলৈ অহাৰ পাছতেই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই তিনিবাৰকৈ গোচৰ ৰুজু কৰিছিল।

শৰ্মাৰ এই মন্তব্যৰ পাছতেই গগৈয়ে তেওঁক উভতি ধৰি কয়, ‘’হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গৈ বাল্মিকী হৈছে।‘’

তেওঁ লগতে কয়, ‘’বিজেপিত ৰত্নাকৰ-বাল্মিকী সকলো আছে।‘’

তদুপৰি, হিমন্ত বিশ্বই বছৰি ২০০-৩০০ ল’ৰা আলফালৈ যোৱা বুলি কৰা মন্তব্য প্ৰৰোচনামূলক আখ্যা দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মা সঘনাই দল বাগৰি ফুৰা সুবিধাবাদী বুলিও গগৈয়ে কটাক্ষ কৰে। তেওঁ কয় যে কাইলৈ হিমন্ত বিশ্ব শৰ্মা কোন দললৈ যাব তাৰ কোনো ঠিক নাই।

‘’এসময়ত হিমন্ত বিশ্ব শৰ্মা আছু, এসময়ত কংগ্ৰেছত আৰু আজি বিজেপিত, গতিকে তেওঁ কেতিয়া ক’লৈ যায় সেই কথা কোনেও নাজানে’‘ -এইদৰে কয় গগৈয়ে।

আনহাতে, ‘’লুই বাৰ্জাৰ কেলেংকাৰি আৰু সাৰদা কেলেংকাৰি সন্দৰ্ভত কলকাতাত হিমন্ত বিশ্ব শৰ্মাক জেৰা চলাইছিল’’ বুলিও গগৈয়ে সংবাদ মাধ্যমক কয়।

তেওঁ লগতে কয় যে তেনে এজন দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীকে কাষত বহুৱাই দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কথা কয় মুখ্য মন্ত্ৰী সোণোৱালে।

তদুপৰি বৰ্তমান সময়ত আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভতো উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘’ৰাজ্যৰ আইন শৃংখলা ভয়াবহভাৱে অৱনতি ঘটিছে। চৰকাৰৰ নিৰ্লিপ্ততা, ভাষা-সংস্কৃতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে নৱপ্ৰজন্ম হতাশগ্ৰস্ত হৈ আলফালৈ যোৱাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।‘‘

আনহাতে, দীৰ্ঘদিন ধৰি নিখোঁজ হৈ থকা ৰেৱতী ফুকন গুপ্তহত্যাৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰেৱতী ফুকন নিখোঁজ হৈ থকা সন্দৰ্ভত গগৈয়ে কয়, ‘’ফুকন বাচি থাকিলে তেওঁ নিশ্চয় ঘৰৰ সৈতে যোগাযোগ কৰিব, কিন্তু মৃত্যু হৈছে বুলিও ক’ব পৰা নাযায়।‘’

তদুপৰি আলফাৰ সাধাৰণ সম্পাদকৰ পদবীত ফুকন কেতিয়াও অধিষ্ঠিত নহয় বুলি দাবী কৰে গগৈয়ে। তেওঁ ‘’ৰেৱতী ফুকনৰ স্তৰ বহু ওপৰত’’ বুলি মন্তব্য কৰি লগতে প্ৰশ্ন কৰি কয়, ‘‘পৰেশ বৰুৱাক মূল সূঁতিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰা ৰেৱতী ফুকন কিয় আলফাৰ পদবী ল’বলৈ যাব?’’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd