NORTHEAST NOW (Assamese)

বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ‘টাৰ্জান’-এ, এতিয়ালৈকে হোৱা নাই মৃতদেহ উদ্ধাৰ

May 31, 2021 8:14 pm · এন ই নাও নিউজ
Updated: May 31, 2021 8:16 pm

বিমান দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে টাৰ্জানে।

শনিবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেনেচ্ছীৰ পৰা ফ্ল’ৰিডালৈ যোৱাৰ পথত হোৱা এক বিমান দুৰ্ঘটনাত ৭ জন যাত্ৰীৰ মৃত্যু হৈছে বুলি ধাৰণা কৰিছে প্ৰশাসনে।

এটা হ্ৰদত পতিত হোৱা বিমানখন কিয় এই অৱস্থা হ’ল এতিয়ালৈকে জনা হোৱা নাই।

যাত্ৰীকেইজনৰ মাজত আছিল একালৰ অতি জনপ্ৰিয় ‘টাৰ্জান’ ধাৰাবাহিকৰ মুখ্য অভিনেতা জ’ লাৰা (৫৮) আৰু তেওঁৰ পত্নী।

এতিয়ালৈকে কাৰোৰে মৃতদেহ উদ্ধাৰ হোৱা নাই।

‘টাৰ্জান’খ্যাত অভিনেতাজনে ১৯৮৯ চনত ‘টাৰ্জান ইন মানহাটন’ নামৰ চিনেমাখনত অভিনয় কৰিছিল।

তাৰপাছত ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে ‘টাৰ্জান- দা এপিক এডভেঞ্চাৰ্ছ’ নামৰ টিভি ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।

ইয়াৰ উপৰিও ‘মেগনিফিচেণ্ট চেভেন’, ‘আমেৰিকান চাইবৰ্গ’ৰ দৰে জনপ্ৰিয় চিনেমাতো তেওঁ অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।

Related News